নিমিষা অফিচৰ পৰা ওলাই ৰিক্সা এখনত বহে মানে পৃথিৱীখনক ডাঙৰ ছাতি এটাই আৱৰি ধৰাৰ দৰে এন্ধাৰ নামি আহিছিল। সৰু চহৰখনত গৃহমুখী ব্যস্ততা বাঢ়ি আহিছিল। পথৰ কাষত বহা পাচলি, মাছৰ দোকানত ভিৰ কৰিছিল গ্ৰাহকে।
কেইবাদিনো তাই লক্ষ্য কৰিছিল সেই নিৰ্দিষ্ট দোকানখনৰ বাহিৰত ল’ৰাৰ জুমটোত সি নাই। কাণফুলি পিন্ধা, ফটা, আঁঠু ওলোৱা জিন্স পিন্ধি চিগাৰেটৰ ধোঁৱা উৰুৱাই থকা ক্ষীণ-মীন বেপেৰুৱা ল’ৰাটো নাই। যোৱা তিনি বছৰে তাক ইয়াত আড্ডা মৰা তাই দেখি আহিছে৷ তাই প্ৰথমে নিজৰ কিবা দৰকাৰী কামতো সি ক’ৰবালৈ যাব পাৰে বুলি ভাবিছিল৷ পিছে কিয় জানো সি নথকাৰ কথাটো ভাবিলেও কথাটোৰে নিজৰ মনটোক পতিয়ন নিয়াব পৰা নাই তাই৷
কিবা এটা ভাবি ৰিক্সাখন ৰখাই তাই কিবা দুবিধমান বস্তু কিনিবলৈ বুলি দোকানখনলৈ সোমাই গ’ল। ইটো – সিটোকৈ মনত পেলাই পেলাই তাই কেইবাটাও বস্তু কিনিলে। সময় ল’লে তাই মনত পেলাবলৈ আৰু কি কি কিনিবলৈ আছিল! আচলতে তাই কথাটো দোকানীজনক সোধাটো ভাল হ’ব নে বেয়া হ’ব সেইয়া ঠিৰাং কৰিবলৈ, আৰু সুধিলেও কি বুলি সুধিব তাকে ভাবিবলৈহে সময় লৈছিল। দোকানখনত আন দুই এজন গ্ৰাহক থকাৰ বাবেও তাই ইতঃস্তত কৰি আছিল সুধিবলৈ। তেনেকৈ ল’ব পৰা আটাইখিনি সম্ভাব্য সময় লোৱাৰ পাছত তাই পইচা দি থাকোঁতে দোকানীজনক সুধিয়েই দিলে, “আপোনাৰ দোকানৰ ওচৰত আজিকালি আগৰ দৰে হুলস্থুল হৈ নাথাকে ন? “তাই যেনেকৈ সুধিম বুলি ভাবিছিল কথাষাৰ তেনেকৈ নোলাই অন্য ধৰণেহে ওলাল মুখেৰে। তাই ঘূৰাই পাবলগীয়া পইচাকেইটা উলিয়াই তাইলৈ আগবঢ়াই দি মানুহজনে ক’লে, “নাই বাইদেউ! ৰিংকুৰ ঘটনাটোৰ পৰা আমাৰ সকলোৰে মন-চন বেয়া।“
অলপ বেছিকৈ কথাবোৰ স্পষ্ট হ’বলৈ বুলিয়েই তাই পুনৰ সুধিলে, “কোন ৰিংকুনো?”
এইবাৰ দোকানীজনৰ কথাত তাই নিশ্চিত হ’ল, কাণফুলি পিন্ধা ল’ৰাজনৰ নাম ৰিংকু।
“তাৰ বাইক এক্সিডেণ্ট হৈছে বাইদেউ। বৰ বেয়া লাগে তালৈ। সি কথা-বতৰা নুশুনে বুলি দেউতাকে খবৰ এটাও লোৱা নাই হস্পিটেলত পৰি থকা ল’ৰাটোৰ। আমিয়েই খবৰ লৈ আছোঁ আৰু…নিজৰ মাক নাথাকিলে সকলো মিছা।“
কিবা খবৰ থাকিলে তাইক দিবলৈ বুলি দোকানীজনক নিজৰ ফোন নম্বৰটো দি তাই উভতিল আৰু সন্ধিয়াৰ আন্ধাৰখিনিতকৈও আন্ধাৰ মন এটা লৈ তাই ৰিক্সাখনত উঠিলগৈ।
ঘৰলৈ গৈয়ো তাইৰ মনটো বেয়া লাগি থাকিল। ৰাতি শোৱাৰ সময়ত তাই প্ৰশান্তৰ আগতো কথাবোৰ উলিয়ালে। যোৱা ছমাহে তাই মনত লৈ ফুৰা লজ্জা আৰু অপৰাধবোধৰ ভৰত দোঁ খাই থকা মনটোৱে হাঁহাকাৰ কৰি উঠিল।
পিছদিনা অফিচৰ পৰা ওলায়েই অটো এখন লৈ তাই হস্পিটেলৰ সন্মুখত নামিল। হস্পিটেলৰ গেটতে তাইলৈ ৰৈ থকা দোকানীজনে তাইক দেখি আগুৱাই আহিল। তাৰ পাছত দুয়ো হস্পিটেলৰ বহল বাৰাণ্ডাৰ গধূৰ বতাহ ফালি আগুৱাই গ’ল। হস্পিটেললৈ আহিবলৈ তাইৰ ভাল নালাগে। ফেনাইলৰ গোন্ধ, উৎকট প্ৰসাৱৰ গোন্ধ, মানুহৰ গাৰ গোন্ধ, লেতেৰা কাপোৰ-কানিৰ গোন্ধ, দৰৱৰ গোন্ধবোৰত তাইৰ ওকালি আহে। চৌদিশে মানুহৰ হা-হুমুনিয়াহবোৰ দেখিলে তাই সহ্য কৰিব নোৱাৰে। আজি সেইবোৰ কথা তাইৰ গৌণ যেন লাগিল। বৰং সি থকা কোঠাটো কেতিয়া পাওঁ, কেতিয়া পাওঁহে লাগি আছে তাইৰ।
জেনেৰেল ৱাৰ্ডৰ বিছনা এখনত ভৰি আৰু এখন হাতত প্লাষ্টাৰ লৈ শুই আছে ৰিংকু। তাৰ কপালত বেণ্ডেজ আৰু ৰঙচুৱা চুলিবোৰ জপৰা। লাহে লাহে দুবাৰমান মাতোঁতে সি লাহেকৈ চকু মেলি চালে। নিমিষাক দেখি সি বহলকৈ চকুহালি মেলি দোকানীজনলৈ চালে।
তাই তাৰ ওচৰতে সামান্য ঠাই লৈ বিছনাখনতে সাৱধানে বহিল। তাৰ চকুলৈ চালে, “ভাল পাইছানে অকণমান? আশ্চৰ্যচকিত হৈ থকা তাৰ মুখখন সামান্য দুপিয়াই সি সন্মতি দিলে। তাইৰ কাষতে তাৰ বাঁওহাতখন পৰি আছে। তাইৰ খুউব মন গ’ল, সেইখন নিজৰ হাতত তুলি ল’বলৈ
…হাতখন ক্ষীণ। আঙুলিবোৰৰ গাঁঠিবোৰ ডাঙৰ ডাঙৰ। নখবোৰ দাঁতেৰে কামুৰি কামুৰি ছিঙি দিয়াৰ ফলত এচিকুটমানকৈহে হাতত লাগি আছে।
এবাৰ তাই অফিচৰ পৰা ঘূৰোঁতে পাচলি কিনিবলৈ ৰৈছিল এঠাইত। এজন শকত-আৱত মানুহে ইচ্ছাকৃতভাৱে তাইক খুন্দিয়াই যোৱাৰ ফলত তাই মাটিত পৰি যোৱাৰ পৰা কোনোমতে নিজকে সম্বৰণ কৰিছিল। হাতত লৈ থকা মোনাটো পৰি যোৱাৰ ফলত তাৰ পৰা বিলাহী, পিয়াজ বাগৰি বাগৰি ঠাইখনত বিয়পি পৰিছিল। ভয়াৰ্ত, বিব্ৰত হৈ সেইবোৰলৈ চাই থাকি তাই তৰ্কিবলৈ নৌপাওঁতে কোনোবাই সেই খুন্দিয়াই যোৱা সুৰাসক্ত মানুহজনক ঘুচিয়াই বগৰাই পেলাই গুৰিয়াই গুৰিয়াই মাৰিবলৈ ধৰিছিল। তাই থৰথৰকৈ কঁপিবলৈ ধৰিছিল। মানুহে এবাৰ তাইলৈ চাই মাৰ-পিটৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ আগুৱাই গৈ জুম বান্ধিছিল। কোন টলকত তালৈ পুলিচ আহি পাইছিল তাই নাজানে। সুৰাসক্ত মানুহজনৰ লগতে ল’ৰাজনকো থানালৈ লৈ গৈছিল। তাই বজাৰৰ মোনা তাতেই এৰি প্ৰায় দৌৰি আঁতৰি অহাৰ দৰে অটো এখনত উঠি ঘৰ পাইছিল। মানুহজনে খুন্দাটো মাৰোঁতে তাই ভীষণ অপমানিত অনুভৱ কৰিছিল। তাতকৈ বেছি অপমানিতবোধ কৰিছিল যেতিয়া তাই পৰি যাবলৈ ধৰাৰ পৰা উঠি কাষৰ মানুহবোৰৰ চকুবোৰলৈ চাইছিল। কেনে অশ্লীল চকু আছিল সেইবোৰ! তাইৰ গোপন অংগত খুন্দা মাৰি থৈ যোৱা দৃশ্যটোৱে যেন বেছ আমোদ দিছিল মানুহবোৰক।
পাছত তাই গম পাইছিল, বজাৰত মাৰ-পিট কৰাৰ বাবে পুলিচে তাক ৰাতিটো লক-আপত ভৰাই থৈছিল। মদ খাই স্থিৰতা হেৰুৱাই বজাৰত মহিলাক খুন্দিওৱা মানুহজনক পৰিয়ালৰ কোনোবাই আহি মোকোলাই লৈ গৈছিল আৰু ল’ৰাটোক পিছদিনা গধূলি দেউতাকে আহি লৈ গৈছিল। বহুত পইচা ভৰিছিল হেনো থানাত- তাই শুনা কথা।
তাৰ পাছত কিছুদিনলৈ দোকানখনত ল’ৰাজাকৰ আড্ডাটো বহা নাছিল। তাৰ পাছত কেতিয়া এটা-দুটাকৈ সিহঁত পুনৰ লগ লাগিবলৈ ধৰিলে মানুহে মনতেই নাৰাখিলে। তাই যেতিয়া প্ৰথম চাকৰিটোত যোগদান কৰিছিল তেতিয়া কেইদিনমান প্ৰশান্তই অনা-নিয়া কৰিছিল অফিচলৈ৷ লাহে লাহে তাই উভতি যাওঁতে নিজেই যাব পৰা হ’ল। সদায় ৰিক্সা লৈ উভতি যাওঁতে ল’ৰাৰ জুমটো দেখি তাইৰ সেইখিনি পাৰ হওঁতে বৰ অস্বস্তি লাগিছিল। কেনেকুৱা বেশ-ভূষা সিহঁতৰ দুই-এজনৰ! কাণফুলি, ফটা জিন্স পিন্ধা, বখলা-বখলিকৈ চুলি কটা! তাইৰ এনে লাগিছিল যেন তাইক আৰু তাইৰ দৰে ছোৱালী-মহিলাক ইয়াৰ্কি মাৰিবলৈয়ে সিহঁত তাত ৰৈ থাকে। ডেকা ল’ৰাৰ প্ৰতি যিমান বেয়া ধাৰণা আছে সকলোবোৰ যেন সিহঁতৰ লগতে খাটে!
আজি হস্পিটেলৰ বিছনাত তাইৰ কাষতে পৰি থকা হাতখন সেইখন হাত, যিখনে সেইদিনা তাইৰ অপমানৰ শাস্তি দিবলৈ মুঠি মাৰিছিল।
এই হাতখন যেতিয়াই তেতিয়াই যাৰে তাৰে গাত উঠি থকা স্বভাৱৰ বাবেই দেউতাক আৰু দেউতাকৰ দ্বিতীয় পত্নীৰ বাবে সি ঘৰৰ অশান্তিৰ কাৰণ হৈ পৰিছে। তাই বুজি নাপালে দেউতাকৰ পৰা সি যি নাপালে সেয়া নোপোৱাৰ বাবে এই বিদ্ৰোহ নে নোপোৱাখিনি পাবলৈ দেউতাকৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে তাৰ এই উদ্ভণ্ডালি! এইকেইদিন তাৰ বিষয়ে শুনি থকা কথাবোৰৰ কোনটো বিশ্বাস কৰিব তাই ভাবিব পৰা নাই। উদণ্ড হ’লেই বুলি নিজৰ জন্মদাতাই শয্যাগত নিজৰ সন্তানৰ এবাৰো খবৰ নোলোৱা কথাটোৱে তাইৰ দোধোৰ-মোধোৰ মনটোত যেন পোহৰ এচাটি ছটিয়াই দিলে। তাৰ হাতখনত লাহেকৈ নিজৰ হাতখন দি তাই কোমলকৈ ক’লে, “মই এতিয়া যাওঁ, আকৌ আহিম। কিবা দৰকাৰ হ’লে খবৰ দিবা ভাইটি!”
*****
ই-মেইল: [email protected]