-শিৱপ্ৰসাদ হাজৰিকা
শেহতীয়া পঢ়ি ভাল লগা এখন গ্ৰন্থ হৈছে লেখক ড° ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’। গ্ৰন্থখনৰ প্ৰতি আকৰ্ষণ হোৱাৰ অন্য এটা কাৰণ হৈছে গ্ৰন্থখনৰ নামটো৷ কিয়নো প্ৰতিজন মানুহৰেই একোটা নিজস্ব সপোন থাকে আৰু সেই সপোনৰ আলমতেই আমি আমাৰ জীৱনটোক সজাবলৈ যত্ন কৰোঁ৷ জীৱনটোক সুন্দৰকৈ সজাই তুলিব পৰাটোও এটা কলা৷ যদিও জীৱনৰ বাটত কেতিয়াবা বহুতো বাধাৰ সন্মুখীন হ’ব লগা হয় আৰু সেই বাধাক নেওচি আগুৱাই যাব পৰাজনেই একোজন সফল ব্যক্তি৷ তেনে এজন সফল ব্যক্তি হৈছে ড° ৰুবুল মাউত৷ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ “মোৰো এটা সপোন আছে” ত তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে৷ ইতিমধ্যে সকলো মাধ্যমতে এই গ্ৰন্থ খনৰ বহুল চৰ্চা হৈছে৷ কিয়নো জীৱনৰ সৈতে আমাৰ অহৰহ যি সংগ্ৰাম সেই সংগ্ৰামক আগুৱাই নিয়াত এক সাহস তথা প্ৰেৰণাৰ একোটা থল হ’ব পাৰে, বিশেষকৈ আমাৰ দৰে প্ৰতিজন নৱ-প্ৰজন্মৰ৷ লেখকৰ জন্মভূমি অসম-অৰুণাচল সীমান্তৰ কৈলাসপুৰৰ টঙনা ন-গাঁৱৰ বেতনি গাঁৱৰ পৰা সুদূৰ আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যোৱাৰ এক মনোৰম তথা প্ৰেৰণাদায়ক কাহিনী গ্ৰন্থখনত বৰ্ণনা কৰিছে৷ লেখকে গ্ৰন্থখনক চাৰিটা খণ্ডত ভাগ কৰিছে৷ শৈশৱ, সংগ্ৰাম, সুযোগ আৰু দেউতাৰ অসুখ৷
লেখকে শৈশৱৰ প্ৰথমভাগতে পঢ়া টেবুলৰ কথাৰে লিখিছে- বহল চাংখনৰ কাষতে দীঘল টেবুলখন৷ চাৰিটা খুটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই৷ টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ, বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্ৰ, বহী। কণ আৰু মুন তেতিয়াও স্কুল যাবৰ হোৱাই নাই৷ সন্ধিয়া হ’লেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্ৰাৰ্থনা জুৰোঁ৷ কেতিয়াবা কণ-মুনেও উলাহতে যোগ দিয়ে৷ সিহঁতৰ বাবে প্ৰাৰ্থনাত যোগ দিয়াটো এক আমোদৰ কাৰ্য৷ মোৰ বাবে প্ৰাৰ্থনা আছিল কেৱল এক পুৱা-গধূলিৰ গীত৷ পুৱা হ’লে যিদৰে বেলি ওলায়, গধূলি মাৰ যায় নতুবা পুৱা গোহালিৰ গৰু মেলি দিয়া হয়, গধূলি আকৌ বান্ধি থোৱা হয়, ঠিক প্ৰাৰ্থনাও মোৰ বাবে পুৱা-গধূলি পালন কৰা নিয়ম৷
অভাৱে পিষ্ট কৰিলেও লেখকৰ মাক-দেউতাকে হয়তো শিক্ষাৰ গুৰুত্ব ভাল দৰেই বুজিছিল৷ সেয়েহে ল’ৰা-ছোৱালীকেইটাক বিদ্যালয়লৈ পঠিওৱাৰ লগতে কাহিলীপুৱাতে সিহঁতক টোপনিৰ পৰা জগাই পঢ়িবলৈ দিয়াৰ কথা উল্লেখ কৰিছে৷ আনহাতে পথাৰত গৰু চৰাব গ’লেও কিতাপ-বহী লৈ যাবলৈ দিয়াৰ কথাও কৈছে৷ ৰাতিপুৱা সোনকালে উঠি অলপমান সময় কিতাপ পঢ়ি দেউতাকক পথাৰত সহায় কৰা, বিদ্যালয়ৰ পৰা অহাৰ পিছত পুনৰ গৰু চৰাবলৈ পথাৰলৈ যোৱা, বজাৰত শাক-পাচলি বিক্ৰী কৰিবলৈ যোৱা আদি কামবোৰৰ দায়িত্বও তেওঁ ছাত্ৰাৱস্থাতে পালন কৰিব লগা হৈছিল। ভোকৰ তাড়নাত দুবাৰমান ৰাস্তাত বনুৱাৰ কাম কৰিবলৈও বাধ্য হৈছিল। এই কথাবোৰে পৰৱৰ্তী পৰ্যায়ত লেখকক দায়িত্ববোধৰ শিক্ষা দিয়া বুলি স্থানান্তৰত তেওঁ স্বীকাৰ কৰিছে। অৱশ্যে উৎসাহজনক কথাটো হ’ল এই সকলোবোৰ দুখ-কষ্টৰ মাজতো তেওঁ বুকুত কঢ়িয়াই ফুৰা সপোনটো বৰ সযতনে পালন কৰিছিল। নিজৰ একাগ্ৰতা আৰু ভাগ্যক অৱলম্বন কৰি জীৱনৰ জটিল পথবোৰ অতিক্ৰম কৰিছিল। এই নিৰ্মম পৃথিৱীখনত মূল্যবোধৰ জীৱন এটা যাপন কৰিবলৈ অহৰহ চেষ্টা কৰিছিল। উচ্চৰ পৰা উচ্চতৰ পৰ্যায়লৈ আৰোহণ কৰোঁতে অতিক্ৰমি অহা পথটিৰ স্মৃতিও মনৰ পৰা মচি পেলোৱা নাছিল। সাধাৰণতে একোজন সাধাৰণ শিশুৱে শৈশৱত যি ৰং ধেমালি আৰু আনন্দৰ সৈতে একোটা সুকীয়া জীৱন যাপন কৰে তাৰ বহু বিপৰীত জীৱন এটা লেখকে অতিবাহিত কৰিছে৷ লেখকে উল্লেখ কৰিছে যে গ্ৰীষ্মৰ বন্ধ লেখকৰ প্ৰিয় নাছিল৷ কিয়নো সেই কেইটা দিনত লেখকৰ শাৰীৰিক কষ্ট বহুত হৈছিল৷ গাঁওখনৰ অৱস্থিতি সম্পৰ্কে লেখকে কৈছে, “এই খণ্ডৰ পৃথিৱীলৈ যাতায়াতৰ ব্যৱস্থা তেনেকৈ নাছিলেই। দূৰণিবটীয়া আলহী আহিলে ডুমডুমাৰপৰা বেতনিলৈ কমেও আধাদিন খোজ কাঢ়িব লাগিছিল। …ইফালে ৰাস্তা-ঘাটৰ আকাৰ-আকৃতি আছিল অতি শোচনীয়, বাৰিষাৰ দিনত ফেনে-ফোটোকাৰে বৈ থকা নৈ-জান পাৰ হৈ দূৰণিবটীয়া মানুহবোৰ আমাৰ ঘৰলৈ অহাটো আছিল কল্পনাৰো অগোচৰ। তাৰ পিছতো মনৰ অদম্য হেঁপাহৰ জৰিয়তে অৱশেষত অজস্র সংগ্ৰামৰ মাজতো তেওঁ প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে৷
লেখকৰ ‘সংগ্ৰাম’ অধ্যায় আৰম্ভ হৈছে হায়াৰ চেকেণ্ডাৰী পঢ়িবলৈ তিনিচুকীয়ালৈ যোৱাৰ পৰা আৰু শেষ কৰিছে TIFR ত বিজ্ঞানী হিচাবে যোগদান কৰি কাৰ্যকাল আৰম্ভ কৰাত। লেখকৰ অন্য এক সংগ্ৰামৰ মনোৰম বৰ্ণনা কৰিছে এই ২য় অধ্যায় “সংগ্ৰাম”ত৷ কেনেকৈ তেওঁ বাৰিষাকালত পাঁচ-ছয় কিলোমিটাৰ খোজকাঢ়ি কলেজলৈ গৈছিল৷ লেখকক পঢ়োৱাৰ নামত লাহে লাহে ঘৰৰ মাটি, গৰু-ছাগলীবোৰ নাইকিয়া হোৱা, ককায়েকে ছিকিউৰিটি গাৰ্ডৰ কাম কৰা, ইয়াৰ মাজতে ঘৰৰ আইতাকৰ মৃত্যু এই সকলোবোৰৰ অতি স্পষ্টকৈ উপস্থাপন কৰিছে৷ পইচাৰ অভাৱৰ বাবে লেখকে কেইবাবাৰো অনৈতিক কাম কৰাৰ কথা উল্লেখ কৰিছে৷ এইদৰে এদিন হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ওলাল৷ লেখকে প্ৰথম বিভাগ নাপালে৷ যাৰবাবে বহুতে তেওঁক তিৰস্কাৰ কৰে৷ কোনোৱে আকৌ চাকৰিত ইণ্টাৰভিউ দিবলৈ পৰামৰ্শ দিয়ে যদিও চাকৰি নিবিচৰাকৈ তিনিচুকীয়া কলেজত কেমিষ্ট্ৰীত অনাৰ্চ লৈ পুনৰ পঢ়িবলৈ আৰম্ভ কৰে৷ এদিন সকলোকে আচৰিত কৰি লেখকৰ ৰিজাল্ট ফার্ষ্টক্লাছ আহে৷ তাৰ পিচত মাষ্টৰ ডিগ্ৰী পঢ়াৰ অন্য এক সংগ্ৰাম লেখকে বৰ্ণনা কৰিছে৷ এইদৰে অহৰহ সংগ্ৰাম, কঠোৰ প্ৰচেষ্টা আৰু বহু ধৈৰ্যৰ মাজেৰে জীৱনৰ বাটত আগুৱাই এদিন তেওঁ টি আই এফ আৰৰ চাকৰিটোত যোগদান কৰে৷
তৃতীয় অধ্যায় ‘সুযোগ’ ত লেখকে TIFR ত বিজ্ঞানী হৈ থাকোঁতে হোৱা বিভিন্ন নতুন অভিজ্ঞতা, এখন সম্পূৰ্ণ নতুন পৃথিৱীৰ সৈতে হোৱা সহাৱস্থান, প্ৰশিক্ষণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাবলৈ পোৱা সুযোগ আৰু তাৰ আলমতে পিছলৈ পি এইচ ডিৰ বাবে সুযোগ পোৱা আদিৰ বিৱৰণ দাঙি ধৰিছে৷ বিদেশত থাকিলেও তেওঁ নিজৰ শিপা পাহৰি যোৱা নাছিল৷ বাৰে বাৰে পুৰণি দিনবোৰৰ কথা সোঁৱৰণ কৰি ঘৰলৈ মনত পেলাইছিল৷ চতুৰ্থ অধ্যায় ‘‘দেউতাৰ অসুখ’’ ত লেখকে TIFR এৰি আমেৰিকাত গৱেষণা কৰি থকাৰ মাজতে হোৱা দেউতাকৰ দূৰাৰোগ্য অসুখ আৰু তাৰ ফলশ্ৰুতিত দেউতাকৰ মৃত্যুৰ বৰ্ণনা কৰিছে। কাকতালীয়ভাৱে দেউতাকৰ অসুখটো আছিল তেখেতৰ গৱেষণাৰ বিষয়ৰ স’তে একে।
“মোৰো এটা সপোন আছে” গ্ৰন্থখন মূলত আত্মজীৱনীমূলক গ্ৰন্থ যদিও একোখন উপন্যাসৰ দৰেই ইয়াৰ কাহিনীভাগ ৰসাল৷ লেখকৰ ভাষা অতি প্ৰাঞ্জল৷ গ্ৰন্থখন একেবহাতে কোনো বিৰক্তি অনুভৱ নকৰাকৈ পঢ়ি শেষ কৰিব পাৰি। গ্ৰন্থখনৰ এটা উল্লেখযোগ্য দিশ হৈছে ইয়াৰ স্পষ্টতা৷ লেখকে কাহিনীভাগ আগবঢ়াই নিওঁতে কতো অতিৰঞ্জিত কৰা নাই৷ লেখকে নিজৰ প্ৰতিটো দিশ সম্পূৰ্ণ স্পষ্টকৈ বৰ্ণনা কৰিছে৷ লগতে গ্ৰন্থখনৰ কাহিনীটো অতিকে প্ৰেৰণাদায়ক৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে৷ যাৰ জৰিয়তে অনুভৱ কৰিব পাৰি যে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে, যদিহে নিজৰ একাগ্ৰতা, সততা আৰু কৰ্মনিষ্ঠা থাকে৷ এই কঠোৰ অধ্যৱসায়ে এদিন আমাক আমাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত অৰিহণা যোগায়৷ এই সুন্দৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে৷ গ্ৰন্থখনৰ মূল্য ১৬০ টকা৷ বেটুপাত সঞ্জীৱ বৰা।
ই-মেইল: [email protected]
******************************