ঘৰ নামৰ ইকৰাৰে ঘেৰা বাকচটোৰ ভিতৰৰ মানুহবোৰৰ মনবোৰ সেমেকি থাকে। প্ৰখৰ ৰ’দেও শুকুৱাব নোৱাৰা দুখৰ শেলায়ে ঘেৰি থাকে সকলোকে।
চুখেনক দেখিলে গাঁওখনৰ মানুহবোৰৰো মনত অজান বেজাৰে খেলা কৰে। কিছুমানে তাক দেখিলে হাত এখন কপালত লগাই দেৱীক স্মৰণ কৰে।
কথাবোৰ চুখেনে প্ৰথমে বুজি পোৱা নাছিল। আয়েক পিতাকে আন ভাই-ভনীতকৈ তাক বেছি গুৰুত্ব দিয়া কথাটো সি মনেই কৰা নাছিল। ভাতৰ পাতত প্ৰায়ে এখন কাজিয়া থাকে। গোটেইকেইটা সন্তানক একেলগে খাবলৈ দিওঁতে অন্ন ব্যঞ্জনৰ অলপ কম-বেছি হ’লেই চিঞৰ বাখৰ লাগে। চুখেনৰ পাতত সকলো বস্তু বেছি থাকে, তথাপি কোনেও কেৰাহিকৈও তাৰ পাতলৈ চকু নিদিয়ে।
কথাটো আজৱ লাগে চুখেনৰ। বেছিকৈ চিঞৰ-বাখৰ কৰি থকা বায়েক ৰাধালৈ সি তাৰ পাতৰ পৰা খোৱা বস্তু দলিয়াই দিয়ে। সেয়া আকৌ প্ৰসাদৰ দৰেহে হয়। সেই কণমান অন্নৰ প্ৰাপ্তিৰ আশাত বহুকেইখন হাত আগবাঢ়ি আহে।
চুখেনক একেবাৰে সৰু থাকোঁতেই ককায়েক হেমেনে কৈছিল কথাটো –
“তই কেঁচাইখাইতী গোসাঁনীলৈ উছৰ্গিত ল’ৰা।”
“মানে? উছৰ্গিত মানে?”
“মানে তোক দেৱীলৈ আগ কৰা আছে।”
আগ কৰা, উচৰ্গা কৰা আদি শব্দবোৰৰ মায়াজালত সোমোৱাৰ বয়স তেতিয়া হেমেনৰো হোৱা নাছিল, চুখেনৰো। বেছিকৈ নাভাবিলে সিহঁতে কথাটো। মাজে মাজে চুখেনৰ মনলৈ উছৰ্গা শব্দটো আহিলেও থিতাতে দলিয়াই দিয়ে সি শব্দটো মগজুৰ পৰা।
অলপ ডাঙৰ হোৱাৰ পাছত চুখেন সেই উছৰ্গা আৰু আগ কৰা শব্দ দুটাৰ মুখামুখি সঘনাই হ’ল। উছৰ্গিত মানে কি? কোনে জানিব প্ৰকৃত কথাটো? বিচলিত হ’ল চুখেন।
“ককাই ঐ, দেৱীৰ নামত উছৰ্গিত মানে কি? -ছটা ককায়েকক সি একেটা প্ৰশ্ন সুধিলে। কোনেও তাক সঠিক উত্তৰ দিব নোৱাৰিলে। সকলোৰে পৰা আঁতৰত, ঠাইখন ভালকৈ মচি, কঠ পাৰি ভাত দিয়া চুখেনৰ সকলো কথাৰে অৰ্থ, উদ্দেশ্য জানিবলৈ বৰ মন গ’ল।
অলপ ডাঙৰ হ’ল চুখেন। এদিন বৰণে ক’লে- “ভাই ঐ, উছৰ্গা মানে তোক বলি দিব।”
“বলি মানে?”
“বলি মানে গোসাঁনীৰ সমুখত তোৰ ডিঙিটো একে ঘাপে কাটিব।”
“হেই, আই পিতায়ে মোৰ ডিঙি কাটিবলৈ কিয় দিবনো?”
“আই পিতায়েই উছৰ্গা কৰিছে তোক।” -বৰণৰ কথা শুনি তাৰ মুখলৈ খন্তেক সময় তভক মাৰি চাই ৰ’ল চুখেনে । বলি দিব? একে ঘাপে ডিঙিটো কাটিব? তাকো আয়েক পিতাকৰ সন্মতিত? এহ্ এই বৰণে একো নাজানে। কাৰো জুঠা পৰ্যন্ত খাবলৈ নিদিয়া চুখেনৰ ডিঙি কাটিবলৈ দিব কোনোবাই? অসম্ভৱ। বৰণে সঁচাকৈয়ে একোকে নাজানে।
চুখেনৰ মনত এক ভিন্ন ভাৱনাই দোলা দিলে। মৰমৰ ভৰত দোঁ খাই থকা পিতৃ মাতৃয়ে বলিৰ বাবে তাক সাজু কৰিছে নে বলি যাব বাবেহে পিতৃ মাতৃয়ে ইমান মৰম কৰে তাক? কাক সুধিব? কোনে দিব আচল সমিধান? ককায়েকহঁত বা পিতাকে প্ৰকৃত সমাধান নিদিয়ে। মাকে একেবাৰে একোৱে নকয়। কোনোবাই মুখত কাপোৰৰ টোপোলা এটা ভৰাই দিয়াৰ দৰে সম্পূৰ্ণ নিশ্চুপ হৈ থাকে মানুহজনী। অন্ন খাবলৈ মতাৰ বাহিৰে তেওঁ যেন একো কথা ক’বই নাজানে। বহুবাৰ সুধিলে চুখেনে – “আই, কচোন ক, বলি দিয়া মানে কি? মোক গোসাঁনীৰ আগত বলি দিব নেকি?” মাক লতিয়ে হাঁ-না একো নকয়। সুধি সুধি ভাগৰি যায় চুখেন। আৰু কাক সুধিব? কোন আছে? লিকলিকি? লিকলিকি তাতকৈ বহুত সৰু। কথা ক’বলৈ শিকিছেহে। তাই এইবোৰ কথা কেনেকৈ জানিব? নিশ্চয় তাইৰ আয়েকে জানিব। তাই নিজৰ বায়েক বা আয়েকক সুধি ক’ব পাৰিব। লিকলিকিকে সোধা ভাল হ’ব।
পুৱা কঁকালত কাপোৰ এডোখৰ মেৰিয়াই, উদং গাৰে চুখেন লিকলিকিৰ চোতালত গৈ উপস্থিত হ’ল ।
“আজি এই চৌফলীয়া ৰ’দত আয়ে মোক বাহিৰত খেলিবলৈ বাধা দিছে। তই যাগে যা।”
দুৱাৰৰ পৰা মুখ উলিয়াই লিকলিকিয়ে ক’লে ।
“নহয় অ’, লিকলিকি, শুনচোন। তই জাননে বলি দিয়া মানে কি? উছৰ্গা, বলি দিয়া…”
“এহ্ নাজানো। আইক সুধিম ৰ। তোকনো কেলে লগা হ’ল অ’?”
“কাৰণ মই নিজে কেঁচাইখাইতী গোসাঁনীৰ বাবে উছৰ্গিত।”
লিকলিকিয়ে মুখ মেলি চাই ৰ’ল চুখেনলৈ। কিনো কয় এই বালকে? উছৰ্গা, বলি এইবোৰ বা কি? প্ৰথম শুনিছে তাই সেইবোৰ শব্দ। “বলি উছৰ্গা, উছৰ্গা বলি…” শব্দ দুটা আওৰাই থাকিল তাই। কি হ’ব পাৰে ইয়াৰ অৰ্থ?
সঁচাকৈ লিকলিকিয়ে একো নাজানে। ভাবি ভাবি পাৰ নাপালে তাই। কিনো কথাষাৰ সুধিবলৈ পুৱাতে আহিল চুখেন!
তাই বায়েকক সুধিব। সুধিবনে? নিৰ্ঘাত সুধিব। সুধিলে তাই বায়েকক।
“বলি মানে দেৱীৰ সমুখত ডিঙিটো দুচেও কৰা। তাকো একে ঘাপে।” বায়েকৰ কথা শুনি নিৰ্বাক হৈ পৰিল লিকলিকি। সঁচাকৈ চুখেনক বলি দিব দেৱীৰ আগত? কিয়? দোষ কি তাৰ? মিছা কথা। এইবোৰে একো নাজানে। চুখেন দেৱীৰ ঘৰত থাকিব। স্বৰ্গদেৱে সমস্ত সপোন পূৰ কৰিব তাৰ। যেনেকৈ পিতাক ভদৰামক স্বৰ্গদেৱে মাজে মাজে উপহাৰ দিয়ে, তেনেকৈ উপহাৰ দিব চুখেনক। মুকুতাৰ মালা পিন্ধাব। গোমচেঙৰ চোলা দিব। লিকলিকি কাষে কাষে থাকিব। কিন্তু কেনেকৈ? কিয় দিব লিকলিকিক সেই স্বাধীনতা? কাৰণ লিকলিকি বিয়া হ’ব চুখেনলৈ। বিয়া! এৰা, পত্নী হ’লেহে লাভ কৰিব সমস্ত অধিকাৰ চুখেনৰ ওপৰত। লিকলিকি চুখেনৰ পত্নী হ’ব। যেনেকৈ তাইৰ আয়েক মোমায়েকৰ ঘৰৰ পৰা পিতাকৰ ওচৰলৈ গুচি আহিছিল, তেনেকৈ তাই নিজৰ ঘৰৰ পৰা চুখেনৰ লগত থাকিবলৈ গুচি যাব। কথাটো ভাবি উৰুলিকৃত হৈ পৰিল লিকলিকি। চুখেনক তাইৰ মনৰ কথা ক’বলৈ উদ্বাউল হ’ল। ৰ’দ পৰিলেই তাই খেলিবলৈ চুখেনক মাতি আনিব আৰু গোপনে কথাষাৰ ক’ব। লগৰ আন ছোৱালীবোৰে শুনিলে সিহঁতেও চুখেনক পাবলৈ বিচাৰিব। নাই নাই। কথাবোৰ গুপুতে ৰখাই ভাল হ’ব।
পশ্চিমৰ হাবিৰ ফালে বেলিটো লাহে লাহে আগুৱাই যাবলৈ ধৰিছে। বৃদ্ধ মানুহৰ দৰে তাৰ শক্তি যেন কমি আহিছে। ইকৰাৰ ঘৰটোৰ দুৱাৰেদি বাহিৰলৈ ওলাই আহিল লিকলিকি। বতাহত কিবা ফুলৰ গোন্ধ এটা বিয়পি আছিল। সৰু নাকটো তাইৰ সেঙুনে সোপা মাৰি ধৰি ৰাখিলেও অকণ অকণকৈ নাকত লাগিছে গোন্ধটো। গামোচাৰ সমান ৰিহাখনেৰে গাটো তাইৰ নামতহে ঢকা আছে । বুকুখন আৰু তলপেটটোৰ বাহিৰে শৰীৰৰ প্ৰায় সকলো অংগ উন্মুক্ত। সৰু ছোৱালী, কোনেও নাচায়। কাপোৰ সামৰিব জনা হোৱা নাই।
চুখেনহঁতৰ চোতালত তাই থিয় দিলেগৈ। চুখেন ঘৰৰ বাহিৰতে আছিল। জেং এডাল হাতেৰে ভাঙি আছিল।
“আহ, খেলোঁগৈ।”
লিকলিকিৰ আহ্বানত মন্ত্ৰমুগ্ধৰ দৰে চুখেন আগুৱাই গ’ল। চুখেনহঁতৰ চোতালৰ পৰা ওলাই লিকলিকি নিজৰ চোতালৰ ফালে আগবাঢ়ি গ’ল। চুখেন তাইৰ পিছে পিছে।
“ধৰম, আটোন কোনো অহা নাই। কি খেলিবি হয়?” চুখেনৰ প্ৰশ্ন শুনি ৰৈ গ’ল লিকলিকি। এখোজ পিছুৱাই আহিল ।
“খেলিবলৈ মতা নাই নহয়। এটা কথা ক’বলৈ মাতিছোঁ।” ফুচফুচাই চুখেনৰ কাণৰ কাষত ক’লে তাই ।
“কি কথা?”
“তোক যে বলি দিব- তাৰ মানে তোক দেৱীৰ ঘৰলৈ লৈ যাব। ময়ো যাম তোৰ লগত।”
“হেই এইজনী। ছোৱালীক বলি নিদিয়ে নহয়।”
“নিদিয়ে বুলি জানো অ’ এইডাল। মই তোৰ লগত বিয়া হৈহে যাম। মোক তই কিন্তু বিয়া কৰাব লাগিব। কৰাবিনে, ক কৰাবিনে?” চুখেনৰ হাত এখনত টানকৈ ধৰি জোকাৰি দিলে লিকলিকিয়ে।
“এহ্ বিয়া ডাঙৰ মানুহৰহে হয়। তইযে একো নাজান। চাওঁ, নেখেল যদি যাওঁ মই। টকা এটা সাজি আছিলোঁ ….।”
উচাত মাৰি লিকলিকিৰ মুঠিৰ পৰা নিজৰ হাতখন এৰুৱাই চুখেন যাবলৈ ওলাল।
লিকলিকিয়ে আগভেটি ধৰিলে।
“শুন, শুন- ডাঙৰ হ’লেহে বিয়া হ’ম। এতিয়া হ’ম বুলি কোনে ক’লে হাঁ? তোক স্বৰ্গদেৱে মন্দিৰলৈ বলি দিবলৈ নিয়াৰ আগে আগে বিয়া হ’ম বুজিলি?”
“হ’ব হ’ব। এনেই চিন্তাই আটিছে, বলি মানে কি তাকে জনা নাই, তেওঁ আক’ বিয়াৰ কথা উলিয়াবলৈ আহে। ডাঙৰৰ কথা ডাঙৰ হ’লে ভাবিম। এতিয়া গুচ।”
পথ এৰি চুখেনক যাবলৈ দিলে লিকলিকিয়ে। হঠাতে কিবা মনত পৰি পিছফালৰ পৰা লেনিয়াই চিঞৰিলে –
“ঐ চুখেন, টকা এটা মোকো সাজি দিবি দেই। আগৰটো তেনেই ভাগিল। বজাবই নোৱাৰোঁ।”
চুখেনে লিকলিকিৰ মাতক সঁহাৰি নিদিলে। মন তাৰ ভাৰাক্ৰান্ত। একে ঘাপে ডিঙি সঁচাকৈ কাটিব নেকি তাকে ভাবি ভাবি পাৰাপাৰ নোপোৱা হৈছে। লিকলিকিয়ে কাৰোবাক সুধি তাক কথাটো জনাব বুলি আশা কৰিছিল, তাই আক’ বলি এৰি বিয়াৰ কথাহে উলিয়ালেগৈ। ভাবি ভাবি নিজৰ ঘৰৰ ফালে গৈ থাকিল চুখেন।
জীৱন পথতো ধীৰে ধীৰে চুখেন আগুৱাই গৈ থাকিল, গৈ থাকিল। ভৰিকেইটা, গাটো, হাতবোৰ দীঘল হৈ গৈ থাকিল। মগজুৰ বিকাশৰ লগে লগে কথাবোৰ বুজি পাবলৈ আৰম্ভ কৰিলে।
চুবুৰীটোত এজাক শিশু। কিছুমান নাঙঠ, কিছুমানে কঁকালত এডোখৰ কাপোৰ পিন্ধে। ছোৱালীবোৰক উদং গাৰে থাকিবলৈ দিয়া নহয়। সিহঁতে সৰু মেখেলাৰ লগত গামোচা পিন্ধে। অলপ ডাঙৰ হ’লে সিহঁতক ৰিহা পিন্ধিবলৈ দিয়ে। ৰিহা পিন্ধাৰ পাছতেই ছোৱালীহঁত সংযত হয়। ল’ৰাৰ সংগ ত্যাগ কৰে সিহঁতে। নিজাকৈ ছোৱালীৰ গোট বনাই সিহঁতে ঘৰুৱা কাম-বন শিকে।
লিকলিকিয়ে অলপ অলপ কথাবোৰ বুজি পোৱা হ’ল। ৰিহা লোৱাৰ বয়স তাইৰ তেতিয়া হোৱা নাছিল। চুখেনৰ জীৱনৰ ৰহস্যটো বুজি পোৱা-নোপোৱাৰ মাজতে আছিল। চুখেনলৈ তাই বিয়া হ’ব বুলি ভবা কথাটো আলফুলে বুকুতে লৈ তাই জীৱন পথৰ যাত্ৰী হ’ল। খেলৰ সংগীবোৰৰ লগত কথা পাতে। চুখেনৰ অজ্ঞাতে আন সংগীবোৰে তাৰ কাৰণে দুখ কৰে। লিকলিকিয়ে কথাবোৰত ভাগ ল’ব নোৱাৰে। নাজানে তাই বহু কথা। বুকুৰ গামোচাখনৰ তলতে সাঁচি ৰখা সপোনটোৰ গভীৰতাত ডুবি থাকে তাই।
বৰণে কোৱা বলিৰ তত্ব চুখেনে লাহে লাহে উপলব্ধি কৰিবলৈ ধৰিলে। সুধিলে কোনেও সঠিককৈ নকয়। পৰিয়াল বা ওচৰ চুবুৰীয়া কোনেও নকয় তাক। নিজান অৰণ্যৰ বিশালতা, নদীৰ গভীৰতা, প্ৰকৃতিৰ ৰমণীয়তাক সোধে সি। কি হ’ব তাৰ জীৱনৰ গতি? কোনেও উত্তৰ নিদিয়ে।
এদিন শাক-পাত এগাল পাচি এটাত লৈ বেচিবলৈ অহা পোহাৰী এজনীকে পথতে সুধিলে সি –
“বাই, বলি দিয়া মানে কি তই জান নেকি? উছৰ্গা কৰা মানে?”
“এ বোপাই, তই সেইটোকে নাজান নে? বলি দিয়া মানে দেৱীৰ সমুখত ডিঙি কটা। দেৱীলৈ আগ কৰি থোৱাকে উছৰ্গা বুলি কয়। কেঁচাইখাইতী গোসাঁনীলৈ উছৰ্গা কৰি থোৱা জন্তুক গোসাঁনীৰ আগত বলি দিয়ে, বুজিলি?”
“অকল জন্তুক?”
চুখেনৰ প্ৰশ্ন শুনি অচিনাকি পোহাৰীয়ে মৰমেৰে তালৈ চালে।
“বছৰত এবাৰ বা দুবাৰ মানুহো বলি দিয়ে। মানুহ বলি দিলে বোলে গোসাঁনী সোনকালে সন্তুষ্ট হয়।” গোপন কথা কোৱাৰ দৰে পোহাৰীয়ে কথাষাৰ চুখেনৰ কাণে-কাণে ক’লে।
সেইদিনাৰ পৰাই, ঠিক সেই মুহূৰ্তৰ পৰাই চুখেনৰ বুকুখন গধূৰ হৈ পৰিল।
অজান দুখ, অভিমান আৰু ভয়ৰ মিহলি অনুভূতিত বাকৰুদ্ধ হৈ পৰিল সি। সাতোটা পুত্ৰৰ ভিতৰত কেৱল চুখেন কিয়? কিয় চুখেনক আগ কৰা হ’ল দেৱীলৈ? গোটেই গাঁও, আনকি ৰাজ্যখনৰ মানুহে কথাটো কিদৰে মানি ল’লে? বাৰে বাৰে নিজৰ ডিঙিটো চুই চালে সি।
ইমানবোৰ মৰম তাৰ প্ৰতি নহয়, দেৱীৰ প্ৰতিহে। তাক কোনেও ভাল নাপায়। আন সন্তানবোৰতকৈ তাৰ আচলতে গুৰুত্ব আৰু প্ৰয়োজনীয়তা পিতাকৰ বাবে কমহে । বলি দিবৰ বাবেহে তাক ভালদৰে, সসন্মানে খুৱাই-বুৱাই নোদোকা কৰা হৈছে। মাক লতিৰ মুখখন চকুৰ আগত ভাহি উঠিল তাৰ। কোনো প্ৰশ্নৰ উত্তৰ নিদিয়া আয়েকৰ বেদনা উপলব্ধি কৰিলে সি। প্ৰতিদিনে শোকৰ এখন আৱৰণে ঢাকি ৰখা আয়েকৰ চকু দুটাৰ কথা ভাবি বুকুখনত দুখে ভিৰ কৰিলেহি। হাতেৰে নিজৰ সম্পূৰ্ণ মুখখন ঢাকি চুখেন পথৰ দাঁতিতে বহি পৰিল।
ই-মেইল ::[email protected]