কামেং নৈৰ পাৰে পাৰে – হেমন্ত ভট্টাচাৰ্য

১৯৯৮ চনৰ ডিচেম্বৰ  মাহৰ পাঁচ তাৰিখে আমি চাৰিজন বন্ধু ৰণ বৰুৱা,  সঞ্জীৱ বৰুৱা,  তন্ময় বৰা আৰু মই টাৱাঙলৈ গৈছিলোঁ।সেই সময়ত টাৱাঙ আজিৰ দৰে বিখ্যাত পৰ্যটক  ঠাই  হোৱা নাছিল। আমাৰ বহুতেই টাৱাঙৰ নামেই শুনা নাছিল।আজিকালি অৱশ্যে টাৱাঙ ভাৰতৰ উল্লেখযোগ্য পৰ্যটক কেন্দ্ৰ কেইখন মানৰ ভিতৰত এখন।বৰ্তমানে তালৈ ইমান পৰ্যটক যায় যে  ই  অৰুনাচলৰ অৰ্থনীতিতো উল্লেখ যোগ্য প্ৰভাৱ পেলাইছে।

আমাৰ সকলোৰে নিজৰ নিজৰ গাড়ী আছে যদিও সেইবোৰ সৰু গাড়ী৷কেৱল ৰণৰ এখন নতুন টাটা চুমো আছে৷আমি সেইখনেই লৈ যোৱাৰ ঠিক কৰিলোঁ।যোৱাৰ আগদিনাই ৰণৰ ড্ৰাইভাৰ জনে গাড়ী খন মোৰ ঘৰত থৈ গল ।

পাঁচ ডিচেম্বৰৰ ৰাতিপুৱা সাত বজাতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ।প্ৰথমে তন্ময়ক উঠাই ললোঁ।  তাৰ পাছত ৰণ আৰু সঞ্জীৱক।

জাগীৰ’ডত আমি পুৱাৰ আহাৰ কৰিলোঁ।তাৰ পাছত গাড়ী ৰখালো একেবাৰে তেজপুৰৰ মিছন চাৰি আলিত।মিছন চাৰিআলিত এজন অচিনাকি মানুহে আমাক অনুৰোধ কৰি ক’লে যে তেখেতৰ ঘৰ বৰপেটাত।অৰুনাচলৰ ৰূপাত ভেলিত পুলিচৰ চাকৰি কৰে।ৰূপালৈ যাবলৈ যিহেতু কোনো পৰিবহনৰ ব্যৱস্থা নাই,গতিকে তেখেতকো যদি আমাৰ গাড়ীত ৰূপালৈ লৈ যাওঁ,  তেন্তে বহুত সুবিধা হব।

মানুহজন আমাতকৈ দহ বছৰ মানে ডাঙৰ।আমি তেখেতক আমাৰ গাড়ীত উঠাই ললোঁ।

এক বজাত আমি ভালুকপুং পালোঁ।ভালুকপুঙত আমি দুপৰীয়াৰ আহাৰ খালোঁ।অৰুনাচললৈ যাবলৈ ইনাৰ লাইন পাৰমিট লাগে।সেই পাৰ্মিট আমি গুৱাহাটীতে সংগ্ৰহ কৰিছিলো।গেটত পাৰ্মিট দেখুৱাই  মানুহ আৰু গাড়ী খনৰ এন্ট্ৰী কৰাই ললোঁ। 

আমাৰ প্ৰথম দিনৰ ৰাতি থকা ঠাই বমডিলা।গুৱাহাটীৰ পৰা বমডিলাৰ দূৰত্ব ৩৪৫ কিলোমিটাৰ। ইতিমধ্যে আমি ভালুকপুঙলৈ ২৪৫ কিলোমিটাৰ ৰাষ্টা আহিছিলোঁ।এতিয়া যাবলৈ বাকী আছে মাত্ৰ এশ কিলোমিটাৰ।

ভালুকপুঙলৈ মই গাড়ী চলাইছিলো।তাৰ পৰা সঞ্জীৱে।ভালুকপুঙৰ পৰাই পাহাৰ আৰম্ভ হয়।অকোৱা পকোৱা পাহাৰীয়া ৰাষ্টা।তেতিয়া ৰাষ্টাটো খুব এটা ভাল নাছিল।ঠেক ৰাষ্টা আছিল।

আমি যতেই চাব লগীয়া ঠাই পাইছিলো তাতেই গাড়ী ৰখাই চাই গৈছিলোঁ৷আমাৰ লগত থকা সেই মানুহজনে আমাক দেখুৱাই লৈ গৈছিল।তেখেত তাত থকা বহু বছৰেই হৈছিল।

চাৰি বজাত মানুহজনক আমি ৰূপাত নমাই দিছিলো।তেখেত এজন ভদ্ৰলোক আছিল।বয়সত ডাঙৰ হ’লেও কথা-বতৰাত আমাৰ  লগত মিলিছিল।সেই মানুহজনেই কথা প্ৰসংগত কৈছিল যে তাৰ মানুহবোৰ ইমান শান্ত-শিষ্ট যে পুলিচ থানা বোৰত বছৰেকত দহ বাৰটা মানহে কেচ ৰেজিষ্ট্ৰেচন হয় ।চোৰ-ডকাইতৰ কথাই নাই।

গধুলি ছয় বজাত আমি বমডিলা পালোঁ।আমি থকা হোটেলখনৰ নাম Hotel Sigiyangfong । বমডিলাৰ আটাইতকৈ ভাল হোটেল।মালিকজন অৰুনাচলৰ মন্ত্ৰী আছিল।কিন্তু হোটেলৰ আন এজন পাৰ্টনাৰ লবচন চ’ডাক আমাৰ লগত যোৱা ৰণৰ লগত ব্যৱসায়িক সূত্ৰে আগৰে পৰাই চিনাকি আছিল।তেওঁ গুৱাহাটীৰ ৰণৰ অফিচলৈ আহিয়েই থাকিছিল।

গধুলি আমি গৈ পোৱা খবৰ পাই লবচন চ’ডাক ডাঙৰীয়া নিজেই এবাৰ আহি মাত লগাই গল।

দিনটোৰ ভাগৰ ৰাতি হোটেলত মাৰিলোঁ।ভাল লাগিল এৰাতি বমডিলাত থাকি।

পিছদিনা ৰাতিপুৱাই আমি টাৱাঙলৈ বুলি ওলালো।যোৱাৰ আগতে বমডিলাৰ মনেষ্ট্ৰিটো চাই ললোঁ।  বৰ ভাল লাগিল।

বমডিলাৰ পৰা ডিৰাঙৰ দূৰত্ব ৪৮ কিলোমিটাৰ।সময় লাগে ডেৰ দুই ঘন্টা।ডিৰাঙত আমি Hot water spring চালোঁ।ৰাষ্টাৰ কাষৰ নেপালী মহিলা কেইগৰাকী মানে চলোৱা ধাবা এখনত দুপৰীয়াৰ সাজ বুলি এঘাৰ বজাতে খাই ললোঁ।কাৰণ সেই সময়ত ৰাষ্টাত আৰু খাবলৈ আন হোটেল নাছিল। ঘূৰি অহাৰ দিনা এই ডিৰাঙতে আমাৰ এৰাতি থকাৰ কথা।ডিৰাং ঠাইখন সঁচাকৈয়ে অপৰূপ ধুনীয়া ঠাই।বমডিলাৰ পৰা টাৱাঙলৈ দূৰত্ব ১৯৪ কিলোমিটাৰ।কিন্তু পাহাৰীয়া একা বেকা ৰাষ্টা,  তাতে বৰফ পৰি থাকে কাৰণে সময় প্ৰায় এঘাৰ ঘন্টা মান লাগে।

ডিৰাঙৰ পৰা দুঘন্টামান যোৱাৰ পাছত আমি ছাংগে নামৰ ঠাইখন পালোঁ।ছাংগেত বহুত মিলিটাৰি কেম্প আছে।কেম্পৰ কেন্টিনত আমি অলপ বজাৰ কৰিলোঁ।বস্তু-বাহানীৰ দাম খুবেই সস্তা।

ছাংগে পোৱাৰ কিছু আগৰ পৰাই বৰফ পৰা আৰম্ভ কৰিছিল।ছাংগেত আমি প্ৰচুৰ বৰফ দেখিছিলোঁ ।তাৰ পাছত পালোঁ যছৱান্ত গড়।যছৱান্ত গড়ত গাড়ী ৰাখি war cemetery  চালোঁ।৬২চনত চীন- ভাৰতৰ যুদ্ধৰ সময়ত যি জোপা গছত,ফোনৰ তাৰেৰে  যছৱান্ত সিং ৰাউতক ফাঁচী দিছিল সকলো চালোঁ।গোটেই অঞ্চলটো বৰফে ঢাকি ধৰিছিল৷আৰ্মি কেম্পৰ আৰ্মিয়ে আমাক চাহ আৰু বিস্কুট খুৱাইছিল৷ইলেকট্ৰিক হিটাৰত হাত সেকিবলৈ সুবিধা কৰি দিছিল৷

আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল।তাৰ পৰা কিছু দূৰ গৈয়েই আমি চেলা পাছ পালোঁ। সাগৰ পৃষ্ঠৰ পৰা চেলা পাছৰ উচ্চতা ১৪ শ ফুট।অক্সিজেন কম কাৰণে প্ৰথম কিছু সময় উশাহ লওঁতে অলপ কষ্ট হয়।চেলা পাছত ইমান বৰফ পৰিছিল যে চাৰিওফালে কেৱল ধুঁৱলি-কুঁৱলি হে দেখিলোঁ।কেৱল শুভ্ৰতা আৰু শুভ্ৰতা।কেৱল বৰফ আৰু বৰফ।হোঁ-হোঁৱাই বতাহ বলি  থাকে।ঠান্ডা কিমান কোৱাৰ দৰকাৰেই নাই।সেই সময়ত বোধহয় মাইনাচ সাত-আঠ মান আছিল।

বৰফে ঢাকি থোৱা বাবে তাৰ লেকটো আমি নেদেখিলোঁ।

প্ৰায় এঘন্টা মান চেলাপাছত কটোৱাৰ পাছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ৷এইবাৰ মই বহিলো । গাড়ী চলালে সঞ্জীৱে ।এতিয়া আমি কিছু সময় তললৈ নামিব লাগিব।গোটেই ৰাষ্টা অকোৱা পকোৱা ।তাতে বৰফে ৰাষ্টা পুতি পেলাইছিল।যিফালেই চোৱা যায়,  সেই ফালেই কেৱল বৰফ আৰু বৰফ । গাড়ী চলাই চলাই হাত বিষাই যায় ।চেলা পাছৰ পৰা কিছু দূৰ যোৱাৰ পাছত আমি জং ৱাটাৰ ফলচ পালোঁ।কয়লা নামৰ হিন্দী চিনেমা খনৰ চুটিং ইয়াতেই হৈছিল।মাধুৰী দিক্ষিতে এই জং ৱাটাৰ ফলচতেই গা ধুইছিল বাবে আজিকালি মানুহে এই ফলচক জং নুবুলি মাধুৰী ফলচ বুলি কয় ।

গধুলি সাত বজাত আমি টাৱাং পালোঁ।  আমাৰ কাৰণে আগতীয়াকৈ  ঠিক কৰি থোৱা চাংগ্ৰীলা হোটেলত আমি চেক ইন কৰিলোঁ।পিছ দিনা সাত তাৰিখে আমি ৰাতিপুৱাই ওলালো মাধুৰী লেক আৰু বুমলা চাবলৈ ।এইবাৰ আমি টাৱাঙৰ এখন লোকেল গাড়ী ভাৰালৈ ললোঁ। 

সেই পথেৰে গ’লে প্ৰথমে পোৱা ঠাইখন হল PTSO lake . 

সেই লে’কৰ পাৰত গাড়ী ৰখালে । কিন্তু লেকৰ কোনো চিন চাবেই নাই । বৰফে সকলো সমান কৰি থৈছে । তাতে কিছু সময় ৰৈ আমি আগুৱাই গ’লো।  কিছুদূৰ যোৱাৰ পাছত আমি মাধুৰী লে’ক পালোঁ।  ইয়াতো সেই একেই অৱস্থা।বৰফৰ কাৰণে লে’ক আছে নে সাগৰ আছে একো ধৰিবই নোৱাৰি।একো দেখা নাপালোঁ।চাৰিওফালে দেখিলোঁ কেৱল বৰফ আৰু বৰফ । কিন্তু ঠাইখিনি ইমান ধুনীয়া যে কিবা ইন্দ্ৰপুৰী যেন লাগে৷এইটো লে’কতো মাধুৰী দিক্ষিতে চুটিং কৰিছিল বাবে মানুহে আজি কালি মাধুৰী লে’ক বুলি হে জানে।সঁচাকৈয়ে  লে’কতো মাধুৰীৰ দৰেই ধুনীয়া।

তাতো কিছু সময় ৰৈ আমি বুমলা লৈ আগুৱলো৷ বুমলা আচলতে চীন আৰু ভাৰতৰ  সীমান্ত।  গোটেই ঠাইখিনি ভাৰতীয় সৈন্যৰ অধীনত। 

কিন্তু দুখজনক ভাবে আমি কিছুদূৰ গৈয়ে গাড়ী ৰখাব লগীয়া হল । ৰাষ্টাত ইমান বৰফ পৰিছে যে কোনো মতেই গাড়ী আগুৱাই নিব পৰা নহ’ল।  ৰাষ্টাত ৰৈ থকা সৈনিকসকলে আমাক ইমান বৰফৰ মাজত আৰু আগুৱাই নাযাবলৈ অনুৰোধ কৰিলে । আমি টাৱাঙলৈ ঘুৰি আহিলোঁ।

পিছদিনা আমি  টাৱাঙৰ মনেষ্ট্ৰি চালোঁ।সুন্দৰ চাব লগীয়া মনেষ্ট্ৰি । এইটো হেনো এচিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম মনেষ্ট্ৰি ।ইমান নিৰব , ইমান চাফচিকুন । থাকিয়েই ভাল লাগে। 

তাৰ পাছত আমি War memorial চালোঁ। ৬২ চনৰ চীন ভাৰতৰ যুদ্ধৰ সময়ত ছহিদ হোৱা বীৰ সৈনিক সকলৰ নাম , ঠিকনা মাৰ্বল পাথৰৰ ফলিত খোদিত কৰি ৰাখিছে।

ন তাৰিখে ৰাতিপুৱাই আমি উভতনি যাত্ৰা আৰম্ভ কৰাৰ কথা । ৰাতি পুৱাই উঠি সকলো সাজু । মই ড্ৰাইভিং চিটত বহিলো।কিন্তু গাড়ী ষ্টাৰ্ট নহয় হে নহয়।গাড়ী ঠেলা হ’ল, কিন্তু নাই, একেবাৰে নাচোৰ বান্দা । কোনোমতে ষ্টাৰ্ট নহয় ।  হোটেলৰ এজনে ক’লে যে গাড়ীৰ ডিজেল ফিল্টাৰ বৰফৰ কাৰণে গোট মাৰি গৈছে।গতিকে তাপ দিব লাগিব।নহ’লে ডিজেল ফিল্টাৰ বদলাব লাগিব।

শেষত হোটেলৰ মানুহে চাৰি বাল্টি মান পানী উতলাই দিলে । সেই উতলা পানী আমি গাড়ীৰ ইঞ্জিনত ঢালিলো । তাৰ পাছত আকৌ ঠেলিলো । এইবাৰ ষ্টাৰ্ট হল । আমাৰ মুখত  হাঁহি ওলাল । 

উভতি আহোঁতে আমি চেলা পাছ পোৱাৰ আগতে নুৰা নামৰ ঠাই খনত কিছু সময় কটালো । এইখিনি ঠাইত নদী আৰু ৰাষ্টা প্ৰায় সমান লেভেলত আছে । গোটেই নদীখন বৰফে ঢাকি ধৰিছে । পাহাৰ বোৰৰ চুড়াত বৰফবোৰ ওলমি আছে।পানী বোৰ ঘন হৈ গৈছে।কি এক নান্দনিক দৃশ্য।কৈ শেষ কৰিব নোৱাৰি।

গধূলি ছয় বজাত আমি ডিৰাং পালোঁ।ৰাতিটো হোটেল পেমোলেটত থাকিলোঁ।

ডিৰাং এখন অতি ধুনীয়া ঠাই।হোটেলৰ সন্মুখতে নেচেনেল হাইৱে।তাৰ সিফালেই কুলু কুলু সুৰেৰে বৈ থকা ডিৰাং নৈ । ইমান ভাল লাগে থাকি৷পিছদিনা  ৰাতিপুৱা দহ বজাত আমি গাড়ী ষ্টাৰ্ট দিলোঁ নামেৰিলৈ বুলি।এক বজাত বমডিলাত দুপৰীয়াৰ ভাত খালোঁ।ভালুকপুং পোৱাৰ আগতে অৰ্কিড্ৰিয়াম খন চালোঁ।বিভিন্ন প্ৰজাতিৰ অৰ্কিড ইয়াত সজাই থোৱা হৈছে।আবেলি পাঁচ বজাত আমি নামেৰি বনাঞ্চল পালোঁ।নামেৰিৰ ইকো কেম্পতে আমি ৰাতি থকাৰ কথা।

ৰাতিপুৱা আমি জীয়া-ভৰলী নদী পাৰ হৈ  ওচৰতে থকা নামেৰি অভয়াৰণ্যখন চালোঁ। জীয়া-ভৰলী নদীখন বেছি দ নহয় আৰু তাৰ পানী যথেষ্ট পৰিষ্কাৰ।নাৱত গৈ থাকোঁতে আমি নদীত থকা সৰু ডাঙৰ বহুত মাছ দেখিছিলোঁ। অভয়াৰণ্যৰ ভিতৰত আমি খোজ কাঢ়ি বহুত ঘূৰিলো , বনৰীয়া হাতীৰ জাক দেখিলোঁ। বহু ডাঙৰ,ওখ তথা বয়সীয়াল গছ দেখিলোঁ ।

নামেৰি অভয়াৰণ্যৰ ভিতৰত এটা ওখ পকী টাৱাৰ আছে । এইটোত উঠি দূৰৈৰ হাতী বা আন বনৰীয়া জন্তু চাব পৰা যায় । সেই টাৱাৰটোৰ সন্মুখতে মাটি ফুটি পানী ওলাই থাকে । তাৰ পৰা ওলোৱা পানী হেনো নিমখীয়া।হাতীয়ে খাবলৈ খুব ভাল পাই। জাকে জাকে তালৈ হাতী আহি থাকে । আমি টাৱাৰৰ ওপৰত বহি থাকোঁতেই কেইটামান বনৰীয়া হাতী আহি পানী খালে । কোনো শব্দ নোহোৱাকৈ বহি লৈ আমি গোটেই দৃশ্য ভালদৰে চালোঁ।বাৰ বজাত কেম্পলৈ আহি ভাত খালোঁ।এই ইকো কেম্প খুবেই ধুনীয়া ঠাই ।একেবাৰেই নিৰব পৰিবেশ । থকা ঘৰ বুলিবলৈ  ছয়টা মান টেন্ট হে আছিল।থাকি খুবেই ভাল লাগে।দুপৰীয়া দুই বজাত আমি গুৱাহাটীলৈ বুলি যাত্ৰা কৰিলোঁ।

এইবাৰ ড্ৰাইভাৰ মই ।গাড়ী তীব্ৰ গতিত চলালোঁ যাতে সোনকালে আহি ঘৰ পাওঁ।  মাজতে নগাঁওৰ আমনিত চাহ খালোঁ।ৰাতি আঠ বজাত আমি গুৱাহাটী পাই গ’লো।বাৰ বছৰ মই  গুজৰাট কোঃ অপাৰেটিভ নামৰ গুজৰাটী কোম্পানী এটাত চাকৰি কৰিছিলোঁ।কৰ্তব্যৰ খাটিৰত গোটেই ভাৰতখনেই ঘূৰিলো ।ভাৰতৰ বাহিৰলৈও কেইবাবাৰো গলোঁ।

দুহেজাৰ এক চনৰ পৰা চাকৰি বাদ দি টুৰিজিমৰ ব্যৱসায় কৰিলোঁ।কিমান যে ঘূৰিলো কৈ শেষ কৰিব নোৱাৰি।কিন্তু টাৱাঙলৈ যোৱা সেই ভ্ৰমণৰ কথাটো আজীৱন মনত থাকিব।কিমান যে ভাল লাগিছিল ।টুৰিজিমৰ ব্যৱসায় কৰি পাছত মই বহুবাৰ টাৱাঙলৈ গৈছোঁ।২০১৭ চনত তিনিবাৰ গৈছোঁ  বিভিন্ন বিদেশী টুৰিষ্টৰ লগত।কিন্তু প্ৰথম বাৰ নিজে গাড়ী চলাই গৈ বহুত আমেজ পাইছিলো।ভ্ৰমণৰ কথা ক’লে আমাৰ মানুহবোৰে দিল্লী মুম্বাই বা আন ঠাইলৈ যোৱাৰ  কথা হে উলিয়াই।টাৱাঙৰ কথা নাভাবেই।অথচ এইখন টাৱাঙলৈ এতিয়া দেশ বিদেশৰ অজস্ৰ পৰ্যটক আহে।যি বোৰ মানুহ এতিয়াও টাৱাঙলৈ যোৱা নাই,তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰোঁ-

আপোনালোক গোটেই ভাৰতখন ঘূৰি ফুৰক।সুবিধা পালে বিদেশলৈও যাওঁক।কিন্তু টাৱাঙলৈ এবাৰ যাবলৈ নাপাহৰিব ।

ই-মেইল: [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *