দেশ- বিদেশে ভিন্ন দৃষ্টিৰে: লʼথাল-পাপৰি দত্ত

“লʼথাল” ! নামেই যাৰ পৰিচয় ৷ বুৰঞ্জীপ্ৰসিদ্ধ এই ল’থাল  হৈছে আহমেদাবাদৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰৈত থকা এখন পৌৰাণিক চহৰ, যʼত হৰাপ্পা সভ্যতাৰ ভগ্নাৱশেষ পোৱা গৈছিল । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত পৌৰাণিক সভ্যতাৰ স্বাক্ষৰ বহন কৰা মহেঞ্জুদাৰু আৰু হৰাপ্পা পাকিস্থানৰ  অন্তগৰ্ত হৈ পৰিছিল । তাৰপাছত ১৯৫৫ চনৰ পৰা ১৯৬০ চনলৈ ভাৰতীয় পুৰাতত্ব বিভাগে (Archeological Survey of India) এই স্থানত খনন কাৰ্য চলাই পৌৰাণিক ভাৰতীয় সভ্যতাৰ (Indus Valley Civilization) অৱশেষ লাভ কৰিবলৈ সক্ষম হʼল। অৱশেষ লাভ কৰাৰ পাছত এই স্থানেই হৈ পৰিল হৰাপ্পা সভ্যতাৰ স্বাক্ষৰ বহন কৰা ভাৰতৰ একমাত্ৰ স্থান।

বহু বছৰৰ পৰা শুনি থকা এই ঠাইখন চোৱাৰ অত্যন্ত আগ্ৰহ আছিল। সেয়েহে যোৱা বছৰৰ (২০১৯ চনৰ) মাৰ্চ মাহৰ গৰমৰ দিন এটাত সেই ঠাইৰ ভ্ৰমনৰ সুযোগ – সুবিধাটো মিলি যোৱাৰ পাছত আমি কোনেও নুই নকৰিলো। সেই দিনা দিনটোৰ সৰ্বাধিক তাপ মাত্ৰা আছিল ৪২ ডিগ্ৰী।

উক্তদিনা আমি আগবেলা আহমেদাবাদৰ পৰা গাড়ী লৈ লʼথাললৈ বুলি ওলাই গʼলো। আহমেদাবাদ – ভাবনগৰ হাইৱে দি আমি আগবাঢ়িলো। বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ মাতৃভুমি গুজৰাটৰ প্ৰায় সকলোবোৰ ৰাষ্ট্ৰীয়ঘাইপথ সৰ্বাংগসুন্দৰ আৰু চালে চকুৰোৱা ৷ আমি লʼথাললৈ যোৱা ৰাস্তাটো এনেকুৱাই সুন্দৰ আৰু মসৃন আছিল, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে প্ৰাকৃতিক নৈসৰ্গ উপভোগ কৰি আমি গন্তব্য স্থানত উপস্থিত হবলৈ সক্ষম হলো ।

লʼথাল নামৰ ঠাইখন বৰ্তমানৰ চাৰৱালা নামৰ আহমেদাবাদ জিলাৰ গাঁও খনৰ সমীপত অৱস্থিত। লʼথাললৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেইবা কিলোমিটাৰ ভিতৰলৈ সোমাই যাব লাগে। সোমাই যোৱা ৰাস্তাটো যথেষ্ট আহল- বহল নহয় যদিও খুউব সুন্দৰ কৈ ৰখা হৈছে। জনবসতিহীন যেন অনুমান কৰা ঠাই খিনিৰে গৈ থাকোতেই ভাব আহিছিল যে সঁচাই আমি পৌৰাণিক ঠাই এখনলৈ গৈ আছো বুলি।

ভৰদুপৰীয়া আমি সেই স্থানত গৈ উপস্থিত হʼলো। এই এলেকাটো দুটা ভাগত বিভক্ত কৰা হৈছে – তাৰে এটাত পৌৰাণিক সভ্যতাৰ ভগ্নাৱেশ থকা ঠাই খিনি সংৰক্ষিত কৰি ভালকৈ আৱৰি ৰাখিছে আৰু কাষৰ আনটো এলেকাত তৈয়াৰ কৰা হৈছে এটি আধুনিক মিউজিয়াম। সংৰক্ষিত ঠাই খিনি চোৱাৰ আগতে আমি মিউজিয়ামটোলৈ গতি কৰিলো যাতে আমি আগতে ঠাইখনৰ বিষয়ে এটি সম্যক জ্ঞান লাভ কৰিব পাৰো।

মিউজিয়ামটোত থকা অডিঅʼ -ভিডিঅʼ ৰূমটোত দিনৰ ভিন্ন ভিন্ন সময়ত এঘন্টা-এঘন্টাৰ শ্বʼ হয়। আমি সোমাইয়ে শ্বʼটো চোৱাৰ সুযোগ পালো। ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে দেখুওৱা ডকুমেন্টৰী খিনিৰ পৰা পৌৰাণিক সভ্যতাৰ বহুখিনি জ্ঞান লাভ কৰিলো। লগতে লʼথালৰ বিষয়ে গম পালো। 

লʼথাল মূলত আছিল হৰাপ্পা সভ্যতাৰ বাণিজ্যিক স্থল, যʼত বিভিন্ন ধৰণৰ অলংকাৰ, মণি-মুকুটা আদিৰ উৎপাদন কৰি সেই সময়ৰ মধ্য-প্ৰাচ্যৰ বিভিন্ন স্থান সমূহলৈ ৰপ্তানি কৰা হৈছিল।ৰপ্তানি কৰাৰ বাবে জলপথ ব্যৱহাৰ কৰিছিল। পুৰণি সময়ত সৱৰমতীৰ নদীৰ ধাৰা লʼথালৰ ওচৰেৰে বৈ গৈছিল, সেয়ে এই জলপথেৰে গৈ সাগৰীয় জলপথ লʼব পৰা গৈছিল আৰু বিভিন্ন ঠাইলৈ মূল্যৱান অলংকাৰ, মণি-মুকুটা আদিবোৰ সহজে সৰবৰাহ কৰিব পৰা গৈছিল । এনেদৰে ব্যৱসায়- বাণিজ্যিৰ স্থান হৈ পৰাৰ লগে লগে এই স্থানত এখন নগৰ গঢ় লৈ উঠিল।

মিউজিয়ামত হৰাপ্পা সভ্যতাৰ চিহ্ন বহন কৰা ভিন্ন সামগ্ৰীবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। সেই সময়ত ব্যৱহাৰ কৰা লʼথালত উদ্ধাৰ হোৱা বিভিন্ন মাটিৰ সামগ্ৰীৰ লগতে অলংকাৰ পাতি, সা-সঁজুলি আদি দেখা পালো। লগতে দেখা পালো পুৰণি কালৰ লʼথালৰ সুন্দৰ ভাবে বনাই থোৱা এটি মডেল, যাৰ সহায়ত সেই সময়ৰ সম্যক জ্ঞান এটি লাভ কৰিব পাৰিলোঁ ।

মিউজিয়ামৰ সকলো বস্তু আমি ভালদৰে চাই মূল স্থান দৰ্শন কৰিবলৈ গʼলো। মূল ঠাই খনত বহু ধৰণৰ ঘৰ-দুৱাৰৰ ভগ্নাৱশেষ দেখা পোৱা গʼল। সৰু কালত কিতাপত পঢ়া হৰাপ্পা সভ্যতাৰ সুশৃংখলাবদ্ধ নলা – নৰ্দমাৰ উপস্থিতি, বাথৰূমৰ ব্যৱহাৰ, পৃথক ভাৱে ৰখা ৰান্ধনীশাল আদিবোৰৰ ভগ্নাৱশেষ দেখা পাই মনটো উৎফুলিত হৈ পৰিল। প্ৰথমে পোৱা ভগ্নাৱশেষ খিনিৰ পৰা অনুমান কৰিব পাৰি যে এই স্থানত সেই সময়ৰ আঢ্যৱন্তলোক সকলে বসতি স্থাপন কৰিছিল। সেই স্থানত থকা কুঁৱা এটাও আমি দেখা পালো। আমাৰ লগত যোৱা মোৰ শহুৰ দেউতা এজন ভূতত্ববিদ, সেয়ে তেখেতে ঠাই খিনিৰ বিষয়ে কেইবাটাও সূক্ষ্ম বিশ্লেষণ কৰি আমাক দিছিল আৰু আমিও আগ্ৰহেৰে প্ৰত্যেকটো বস্তু চাবলৈ যত্ন কৰিছিলোঁ । 

এই ঠাই খিনিৰ তলৰ অংশত আৰ্থিক ভাৱে দুৰ্বল অথবা বনুৱাসকল বাস কৰিছিল। তাতো কিছু সংখ্যক ভগ্নাৱশেষ দেখা পোৱা গৈছে। এই জনবসতি থকা অংশখিনিৰ ওচৰতে আছে সেই সময়ত ব্যৱহাৰ কৰা জলপথটো। এতিয়া জলপথটো এটি মাথো শুকান খাললৈ পৰিবৰ্তিত হৈ পৰিছে। আমি সেই শুকান খাল সদৃশ পুৰণি জলপথটোৰ ওচৰত গছৰ ছাঁত বহি পুৰণি সভ্যতালৈ ঘূৰি গʼলো। ঠাইখন মুকলীমূৰীয়া ভাৱে ৰাখিছে যদিও কাষে কাষে গছ – গছনি ৰোৱা দেখা পাইছো। গৰমৰ দিন হোৱা বাবে আমি বহু সময় ধৰি মুকলি  ঠাই খিনিত ঘূৰিব  নোৱাৰিলোঁ। সেই যুগৰ বিভিন্ন কথা শহুৰ দেউতাৰ পৰা শুনি লʼথালৰ পৰা আমি বিদায় লʼলো। ঘুৰি যাওঁতে আমাৰ মনটো আনন্দেৰে ভৰি পৰিল, সৌভাগ্যৰ বলত উন্নত হৰপ্পা সভ্যতাৰ এখন চহৰ দেখা পোৱাৰ বাবে।  এই দৰ্শন আমাৰ বাবে অত্যন্ত মনোমোহা তথা শিক্ষামূলক আছিল, বিশেষকৈ টিনটিনৰ বাবে ৷

ঠাইখনলৈ কেনেকৈ আহিব আৰু কি কৰিবঃ

১.আহমেদাবাদৰ বাবে দেশৰ বিভিন্ন ঠাইৰ পৰা ৰে’ল অথবা উৰাজাহাজৰ সুন্দৰ যোগাযোগ আছে। আহমেদাবাদত থাকি আধা দিনৰ প্ৰগেম এটা কৰি এই ঠাই দৰ্শন কৰিব পৰা যায়।

২. ঠাই খন যিহেতু অলপ দূৰৈত অৱস্থিত, সেয়ে ওচৰত খোৱা – বোৱাৰ বিশেষ সুবিধা নাই। সেয়ে লগত পানী অথবা লঘূখোৱা ব্স্তু ৰাখিব লাগে।

৩. দৰ্শনৰ সুন্দৰ সময় হৈছে অক্টোবৰৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈ।

****

Leave a Reply

Your email address will not be published. Required fields are marked *