কুঁহিহঁতৰ সৰু চহৰখনলৈ গ্ৰন্থমেলা এখন আহিছে। এইলৈ সিহঁতৰ চহৰখনক মৃদু উত্তেজনা এটাই জোকাৰি আছে। সিহঁতৰ এই সৰু চহৰখন বৃহৎ বৃহৎ অট্টালিকাৰে পৰিৱেস্তিত নহ’ব পাৰে কিন্তু বৌদ্ধিক দিশত চহৰখন অত্যন্ত আগবঢ়া। ইয়াৰ বাবে কুঁহিহঁত গৌৰৱান্বিত।
শনিবাৰৰ দিনা স্কুলৰ পৰা অহাৰ পাছতে মাকে চান্তু আৰু কুঁহিক ভাত-পানী খাই অকণমান শুই ল’বলৈ ক’লে। কিয়নো আবেলিলৈ তেওঁলোক গ্ৰন্থমেলালৈ যাব। গ্ৰন্থমেলাৰ নাম শুনি কণমানি কুঁহি লৰা-লৰিকৈ বিছনাত পৰিল। ক খ কেইটা শিকাৰে পৰাই কুঁহিৰ কিতাপৰ প্ৰতি ভীষণ আগ্ৰহ। মাকে আনি দিয়া বাঘ, সিংহৰ ছবি থকা কিতাপ বোৰৰ সৈতে তাই ঘণ্টাৰ পিছত ঘন্টা পাৰ কৰি দিব পাৰে। সেয়ে এতিয়া চতুৰ্থ মানত পঢ়া কুঁহিৰ কিতাপৰ প্ৰতি হোৱা এই আগ্ৰহ নিতান্তই স্বাভাৱিক। আবেলি শুই উঠি চান্তু আৰু কুঁহি মাকতকৈ আগেয়ে কাপোৰ-কানি পিন্ধি সাজু হ’ল।
এসময়ত মাকৰ হাতত ধৰি সিহঁতে গ্ৰন্থমেলাৰ বাকৰিত প্ৰৱেশ কৰিলেগৈ। ভিন্ন ৰুচিৰ গ্ৰন্থৰ সুবাসেৰে গোটেইখন যেন আমোলমোল। চান্তু আৰু কুঁহিক আৰু কোনে পায়! দুয়োটাই বিচাৰি বিচাৰি পাৰে মানে নিজৰ প্ৰিয় কিতাপ বোৰ কিনিলে। জীৱনীমূলক কেইবাখনো কিতাপ কিনাৰ উপৰিও কেইবাখনো সাধু কিতাপ আৰু প্ৰকৃতি বিষয়ক কিতাপো কিনিলে।
ওভতনি যাত্ৰাত কুঁহি আৰু চান্তুৱে কিতাপ বোৰৰ বিষয়েই নানা কথা পাতিলে। কোনে কোনখন কিতাপ আগতে পঢ়িব সেইলৈও দুয়োটাৰ মাজত খকা-খুন্দা লাগিল। অৱশেষত মাকৰ মধ্যস্থতাতহে সিহঁত শান্ত হ’ল। মাকে দুয়োকে শান্ত কৰিবৰ নিমিত্তে আৰু ঘৰত মজুত থকা গোটেই কিতাপবোৰ পৰিপাটিকৈ ৰখাৰ এটা বুদ্ধি উলিয়াবলৈ বুলি মাত লগালে, “তোমালোকে এইদৰে বাক্-বিতণ্ডা কৰি সময় কটোৱাতকৈ আলমাৰীত থকা পুৰণি কিতাপবোৰো জাপি-কুচি থানথিত লগোৱা আৰু নতুন কিতাপৰ লগত চিৰিয়েল নম্বৰ দি সজাই পৰাই পুথিভঁৰাল এটাকে পাতিব পাৰা দেখোন।” মাকৰ কথাষাৰে কুঁহি আৰু চান্তুৰ মনত এটা নতুন চিন্তাৰ খোৰাক যোগালে।
“হয় দেখোন। ইমানদিনে সিহঁতৰ জন্মদিনত আনে উপহাৰ দিয়া আৰু বিভিন্ন সময়ত মাক-দেউতাকে কিনি আনি দিয়া কিমানবোৰ যে কিতাপ আছে।”- কুঁহি আৰু চান্তুৱে মনতে ভাবিলে।
ভবা মতেই কাম। ঘৰ আহি পায়েই দুয়োটা কামত লাগি গ’ল। জীৱনীমূলক গ্ৰন্থ, সাধু কিতাপ, প্ৰকৃতি বিষয়ক কিতাপ আৰু কুইজৰ কিতাপ -এইদৰে চাৰি, পাঁচটামান ভাগত বিভক্ত কৰি কিতাপবোৰ জাপি পেলোৱাত সিহঁতৰ পুৰণি কিতাপৰ আলমাৰীটোৱে প্ৰাণ পাই উঠিল। কুঁহিয়ে সকলো কিতাপতে এফালৰ পৰা চিৰিয়েল নম্বৰো দি দিলে।
ইমান ধুনীয়া পুথিভঁৰালটোৰ নাম এটা দিয়াক লৈয়ো সিহঁতৰ মাজত পুনৰ মতানৈক্য আৰম্ভ হ’ল। এইবাৰো শেষপৰ্যন্ত মাকেই সমস্যাটোৰ মীমাংসা কৰিব লগা হ’ল। মাকে চান্তুক বুজাই বঢ়াই ক’লে, “চান্তু, কুঁহি তোমাতকৈ সৰু, সেয়ে তাইৰ নামেৰেই তোমালোকৰ পুথিভঁৰালটোৰ নাম “কুঁহি-পুথিভঁৰাল” ৰাখিলোঁ। কাৰোবাক পঢ়িবলৈ কিতাপ দিয়া আৰু ঘূৰাই লৈ থানথিত লগাই থোৱাৰ দায়িত্বও কুঁহিৰে হ’ব।”
কুঁহিৰ নামেৰে পুথিভঁৰালটো হোৱাত চান্তু অলপ অসন্তুষ্ট হ’ল যদিও পেটে পেটে সি বেয়াও নাপালে। কাৰণ আবেলিৰ সময়খিনি তাৰ ক্ৰিকেট খেলোতেই যায়। যিহওক ঘৰত থকা কিতাপসমূহে নতুন ৰূপ পোৱাত দুয়োটাৰে পঢ়াৰ আগ্ৰহ বাঢ়িল। আবেলি চান্তু ক্ৰিকেট খেলিবলৈ যোৱাৰ সময়ত কুঁহিৰ লগৰ পাপৰি, ৰুলি, বিনীতা, আৰিফাকে আদি কৰি আটাইকেইজনী ছোৱালীয়ে কুঁহিহঁতৰ নতুন পুথিভঁৰালৰ কিতাপ পঢ়াৰ আনন্দ পুৰামাত্ৰাই ল’লে।
নৱপ্ৰজন্মৰ ছোৱালী কেইজনীক কিতাপৰ প্ৰতি আগ্ৰহী কৰিব পাৰি কুঁহিৰ মাকৰো বৰ আনন্দ লাগিল। তেওঁ সিহঁতৰ বাবে আবেলিৰ আহাৰো প্ৰস্তুত কৰি সিহঁতক কিতাপৰ মাজতে মজি থাকিবলৈ সুবিধা কৰি দিলে। নতুন নতুন ভাল কিতাপ সিহঁতৰ বাবে কিনি আনিবলৈও মনতে তেওঁ সংকল্প গ্ৰহণ কৰিলে।
ই-মেইল: [email protected]