সম্পাদকীয়

প্ৰাসংগিক:-

ইংৰাজী ২০২০ বৰ্ষ আৰু কভিড-১৯, ২০১৯ চনৰ শেষৰফালে আৰম্ভ হোৱা কা-বিৰোধী আন্দোলন, বানপানী, চীনা সৈন্যৰ আগ্ৰাসনৰ বাবে সীমান্তত হোৱা যুদ্ধ আদিৰ কৱলত ভাৰতৰ লগতে ভাৰতৰ উত্তৰ পূৱৰ সূৰ্য উঠা দেশ অসম ! প্ৰায় সাত/আঠমাহ ধৰি জন-জীৱন স্তব্ধ, অনুৰ্ৱৰা ! চীনৰ এখন সাগৰীয় খাদ্য-সামগ্ৰীৰ বজাৰত আৰম্ভ হোৱা বুলি ভবা কভিড-১৯ য়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকো সমপৰিমাণে ক্ষতিসাধন কৰিছে ৷ মহামাৰীৰ গৰাহত পৰা মানৱজীৱন হয়তো পাঁচৰ পৰা দহ বছৰ পৰ্য্যন্ত পিছুৱাই যাব আৰু লগতে পিছুৱাব ইয়াৰ আৰ্থসামাজিক জীৱন ৷ এই মহামাৰীৰ দ্বাৰা বিশ্বৰ ধনী আৰু প্ৰতাপী দেশসমূহত হোৱা ক্ষতিৰ পৰিমাণো কম নহয় ৷ ইটালী, আমেৰিকা, ইংলেণ্ড আদিৰ দৰে দেশো ইয়াৰ দ্বাৰা বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে, যিবোৰ দেশৰ চিকিৎসা ব্যৱস্থা বিশ্বৰ ভিতৰতে লেখত ল’বলগীয়া ৷ গাৰ নোম শিয়ৰি উঠা পৰিসংখ্যাই শংকিত কৰি তুলিছে সৰ্বসাধাৰণৰ জীৱন ৷ যিকি নহওক, সকলো ব্যক্তিৰে ব্যক্তিগত তথা সামাজিক পৰ্য্যায়ত নিশ্চয় দায়িত্ব আৰু কৰ্তব্য আছে, যাৰ সহায়ত আমি আমাৰ জীৱনৰ উণ্নতিসাধন কাৰ্যত ব্ৰতী হব পাৰোঁ ৷ ভীতিগ্ৰস্ত হৈ শক্তিক্ষয় কৰাতকৈ সুস্হিৰভাৱে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে জীৱনৰ বাঘজৰী ধৰি  নিজৰ লগতে দহৰো মংগলৰ কাৰণে কাম কৰাৰ সংকল্প লৈ আগৱাঢ়িলে সকলোৰে মংগল হব ৷

সাম্প্ৰতিক পৰিস্থিতিত দৈনন্দিন জন-জীৱনক শাৰীৰিক আৰু মানসিক সুস্থিৰতাৰে আগুৱাই নিবলৈ হলে  কৰিবলগীয়া নিম্নতম কামৰ ভিতৰত হ’ল; নিয়মিত শৰীৰ চৰ্চা, সুষম আহাৰ, সৃষ্টিমূলক কামত নিমজ্জিত হোৱা, মানসিক স্বাস্থ্যৰ যতন লোৱা ইত্যাদি ৷ এটা সুস্থ শৰীৰ আৰু এটা সুস্থ মন জীৱন ধাৰণৰ কাৰণে অত্যাৱশ্যকীয় ৷ মানৱ শৰীৰৰ উশাহ নিশাহৰ চলাচল, সঠিক ৰূপত তেজৰ সঞ্চালন, হজম শক্তি, কোষসমূহৰ সঠিক গঠন আৰু মেৰামতি, মগজুৰ পৰিচালনা তথা স্নায়ুৰ সঠিক সঞ্চালন ইত্যাদিবোৰৰ কাৰণে কেলৰিৰ সন্তুলন অতিশয় প্ৰয়োজনীয় ৷ ক’ৰনা মহামাৰীৰ সন্ত্ৰাসৰ বাবে মানুহ গৃহবন্দী হ’বলগীয়া হোৱাত নিয়মিত শাৰীৰিক সঞ্চালন বহু পৰিমাণে কমি গৈছে ৷ তেনেস্থলত, প্ৰণালীবদ্ধ  শৰীৰ চৰ্চাৰ বিশেষভাৱে প্ৰয়োজনীয়তা আহি পৰিছে ৷ যোগাসন আৰু অন্যান্য ধৰণৰ শৰীৰ চৰ্চা, আজিকালি ইলেক্ট্ৰনিক মাধ্যমত সহজেই উপলব্ধ ৷ এনেধৰণৰ ইলেক্ট্ৰনিক মাধ্যমৰ সমল সমূহ সঠিক ৰূপত ব্যৱহাৰ কৰি সুফল পাব পৰা যায় ৷ ইয়াৰোপৰি, স্থানীয়ভাৱে পাব পৰা শৰীৰ চৰ্চাৰ অনুশীলনো কৰিব পৰা যায় ৷ এইবিষয়ে এবাৰ জ্ঞান অৰ্জন কৰি লৈ নিয়মিত ভাৱে জীৱনৰ সংগী কৰি ল’লে সুফল লাভ কৰিব পৰা যাব ৷ 

সকলো বয়সৰ লোকৰ বাবে মানসিক স্বাস্থ্যৰ যতন লোৱাটো অতিশয় আৱশ্যক ৷ মানসিক স্বাস্থ্যই শাৰীৰিক স্বাস্থ্যৰ ৰূপ নিৰ্ধাৰণ কৰে ৷ সুস্থ মনৰ অধিকাৰী এজন ব্যক্তিয়ে নিজৰ জীৱন সন্তুলিত ৰূপত আগৱঢ়াই নিয়াৰ লগতে অলপো বিচলিত নোহোৱাকৈ জীৱনত সন্মুখীন হোৱা  অন্যান্য সমস্যাকো সুকলমে সমাধান কৰিব পাৰে বা চম্ভালি লব পাৰে  ৷ সাত্ত্বিক আৰু  সুষম আহাৰে মানুহৰ দেহৰ কোষসমূহৰ সঠিক বিকাশ তথা পৰিচালনাত সহায় কৰে ৷ মহামাৰীৰ কালত প্ৰতিটো পৰিয়ালৰ অন্যতম প্ৰত্যাহ্বান হ’ল বিদ্যালয়ৰ পৰিৱেশৰ পৰা বঞ্চিত হৈ থকা শিশু সমূহৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ যতন লোৱা ৷ শিশুসকল স্বভাৱসুলভাৱেই অনুসন্ধিৎসু আৰু দূৰন্ত প্ৰতিভাসম্পণ্ন ৷ সিহঁতৰ শক্তিসমূহ সঠিক ৰূপত গঠনমূলক ভাৱে আগুৱাই নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য ৷ সাময়িকভাবে, শিকিবলৈ জানিবলৈ বহুতো সুবিধা আৰু পৰিৱেশ দিব নোৱাৰাৰ বাবে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ যাতে অৱনতি নহয়, তাৰ প্ৰতি বয়োজ্যেষ্ঠ সকলে বিশেষ মনোযোগ দিয়াৰ দৰকাৰ আহি পৰিছে ৷

প্ৰায় সাতমাহ আনুষ্ঠানিক শিক্ষাব্যৱস্থাৰ পৰা পোনপটীয়াকৈ আঁতৰি থকা ছাত্ৰ-ছাত্ৰী সকলক শেহতীয়াভাৱে মূলসুঁতিলৈ ঘূৰাই আনিবলৈ চিন্তাচৰ্চা কৰি থকা হৈছে, যদিহে পৰিস্থিতি প্ৰণালীবদ্ধভাৱে শাম কাটে ৷ এয়া অৱশ্যম্ভাৱী ৷ কিন্তু ইয়াৰ লগতে জড়িত হৈ আছে কিছুমান আনুষংগিক দিশ ৷ আমি ক’ৰপৰা আৰম্ভ কৰিম বা ক’ত শেষ কৰিম ? অনলাইন শ্ৰেণীকোঠাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতিপূৰণ কেনেকৈ কৰা যাব ? সেইখিনি ক্ষতিপূৰণ কৰিবলৈ যাওঁতে, ইতিমধ্যে অনলাইন শিক্ষাৰ জৰিয়তে কিছু আগবাঢ়ি থকা ছাত্ৰসকলক আমি কেনেদৰে পথ প্ৰদৰ্শন কৰিম ? এয়া উদাহৰণহে মাথোন ৷ সমস্যাৰ হিচাপ দীঘলীয়া ৷ গতিকে সঠিক সময়ত সঠিক আৰু ফলপ্ৰসূ সিদ্ধান্ত লব পৰাটো আমাৰ বাবে এক প্ৰত্যাহ্বান এতিয়া ৷ আজিৰ তাৰিখত কোনেও ক’ব নোৱাৰে, ক’ৰনা ভাইৰাছৰ অন্ত কেতিয়া পৰিব ৷ কাৰণ, ইয়াৰ উপশমৰ উপায় আজি পৰ্য্যন্ত কোনো দেশৰে হাতত নাই আৰু সকলোবোৰ এতিয়াও পৰীক্ষামূলক পৰ্যায়তে আছে ৷ 

আশাকৰোঁ, ক’ৰনা মহামাৰীয়ে মানৱ জাতিক কিছুমান গঠনমূলক শিকনি দি ভৱিষ্যতে সন্মুখীন হ’ব পৰা সংকটসমূহৰ লগত মোকামিলা কৰিবলৈ শিকাব আৰু এই শিকনিৰ সহায়ত মানৱজাতিৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনত অৰিহণা যোগোৱাত সহায় কৰিব ৷

“কথা-কাঞ্চন”ৰ আঁৰৰ আভাস:-

কথাবোৰ যেন সৌ সিদিনাৰহে। প্ৰতিটো পুৱাই কঢ়িয়াই অনা ব্যস্ততাপূৰ্ণ স্কুলীয়া জীৱনৰ আৰম্ভণি হৈছিলহে মাথো, চকুৰ পলকতে কোনদিনা স্মৃতি হৈ পৰিল ধৰিবকে নোৱাৰিলোঁ । সেই নিৰ্দিষ্ট সময়ত বন্ধ কৰি দিয়া বিদ্যালয়ৰ প্ৰধান গেটখন, গেটৰ বাহিৰত ৰৈ থকা চানাৱালা, বৰফৱালাৰ বাবে কৰা হেতা-ওপৰা, খুচুৰা পইচাৰ ঝুনঝুননি, বিজ্ঞান শিক্ষকৰ সৌকাৰ সাৰৌপ সাৰৌপ শব্দ, প্রার্থনাৰ সময়ৰ শাৰী পাতি থিয় হোৱা আমি ছোৱালীবোৰ, হাতত এচাৰী লৈ ৰঙা ফিটাৰ হিচাপ লোৱা বাইদেউৰ ভয়ত কম্পমান সময়, অংকবহীৰ খমখমীয়া পাত লুটিওৱাৰ শব্দ, অসমীয়াৰ কবিতা পাঠ , শুকুৰ বাৰৰ এঘণ্টা বিৰতিৰ আমেজ, আৰু খেলৰ পিৰিয়ডৰ বাবে দীঘলীয়া অপেক্ষা ! আঃ , আৰু যে কত কি ! এৰা সকলোবোৰেইতো এতিয়া স্মৃতি। ব্যস্ততা তেতিয়াও আছিল, এতিয়াও আছে, কাৰকবোৰ মাথোঁ বেলেগ বেলেগ। সময়ে বিচ্ছেদ ঘটোৱা বালিকা বিদ্যালয়ৰ খিলখিলীয়া হাঁহিজাক এটা সময়ত বিশ্বৰ চুকে কোণে সিঁচৰতি হৈ পৰিল। সকলো ব্যস্ত হৈ পৰিল নিজা নিজা কৰ্মক্ষেত্ৰখনত। কৰ্মব্যস্ততা আৰু সংসাৰৰ গধুৰ দায়িত্বৰ বোজাত হেৰাই যাব খুজিলে তাহানিতে দেখা এটি আলফুলীয়া সোণোৱালী  সপোন। নতুন নতুন সপোন, নতুন প্ৰত্যাহ্বান, নতুন সম্বন্ধৰ পাকচক্ৰত পুৰণিয়ে নিজকে সামৰি সুতৰি হৃদয়ৰ কোনোবা নিজান চুকত ঠাই ল’লে। সময়ে হেৰুৱাই পেলোৱা সপোনটি যে  এদিন পুনৰ ডিজিটেল মিডিয়াৰ কান্ধত ভৰ দি উজ্জীৱিত হৈ উঠিব , ভবাই নাছিলো। নতুন গাণিতিক সূত্ৰৰে এক যোগ এক দুই,  নকৰি এঘাৰ কৰা ছোৱালীজাকৰ  সপোন পূৰোৱাৰ উদ্যম এইবাৰ প্ৰবল হল। হাতে হাত ধৰি আকাশত উৰাৰ হেঁপাহটোৱে যেন পুনৰ প্ৰাণ পাই উঠিল। হঠাৎ সময় অধিক প্ৰাণৱন্ত হৈ পৰিল। তাৰেই ফলস্বৰূপে জন্ম পালে আমাৰ  মানস-সন্তান স্বৰূপ এই ডিজিটেল আলোচনীখনে। ইতিমধ্যেই নৱজাতক সন্তানটিক নামকৰণ কৰা হৈছে ” কথা-কাঞ্চন” নামেৰে। আঠগৰাকী মাতৃৰ মমত্বৰ স্পৰ্শৰে লালিত পালিত হোৱা “কথা-কাঞ্চন”ক আজি থুপুক-থাপাক খোজেৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আশা কৰোঁ, ঠুনুক- ঠানাককৈ মাত মাতিবলৈ শিকা কণমানি “কথা-কাঞ্চন”ক সকলোৱে আঁকোৱালি লব আৰু সহৃদয় পাঠকৰ বিপুল সঁহাৰিত, লুইতৰ সোঁতেৰে উমলি- জামলি টেমছৰ পাৰলৈকে বিয়পি পৰিব ‘কথা-কাঞ্চন”ৰ সুগন্ধি . . .

****

Leave a Reply

Your email address will not be published. Required fields are marked *