পদ্মশ্ৰী সন্মানেৰে বিভূষিত, ১৬০টা উদ্ভাৱনৰ জনক ড° উদ্ধৱ ভঁৰালী আমাৰ অসম তথা ভাৰতৰ এজন বিশিষ্ট পণ্ডিত, গৱেষক, বিজ্ঞানী আৰু শিক্ষাবিদ৷ নিৰৱচ্ছিন্নভাৱে বৈজ্ঞানিক গৱেষণাৰে জাতিৰ নাম উচ্চ শিখৰত অৱস্থান কৰোৱা এইজনা বিশিষ্ট বিজ্ঞানীৰ নাম ইতিহাসত সদায় উজলি থাকিব৷ BBC য়ে যাক উপস্থাপন কৰে ‘King of cheap fixes’ (Jugar technology ) আৰু ‘Unstopable Indian Inventor’ বিশেষণেৰে, সেই বৰেণ্য বিজ্ঞানীজনৰ প্ৰতিভাৰ বিষয়ে আমাৰ নিজৰ দেশতকৈ বিদেশত বেছি চৰ্চা হোৱা দেখা গৈছে। ২৪ টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত ড° ভঁৰালীৰ সম্পৰ্কে ১৭ টা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু নিউজ চেনেলে ‘ডকুমেণ্টেৰী’ প্ৰস্তুত কৰি উলিয়াইছে৷ তেখেতৰ কৰ্মৰাজিৰ বিষয়ে কম-বেছি পৰিমাণে আমি অৱগত যদিও বহুলভাৱে তেখেতক নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিয়া, তেওঁৰ কৰ্মৰাজীৰে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷ এই উদ্দেশ্য সাৰোগত কৰি কথা-কাঞ্চন দলৰ দ্বাৰা এই মহান বিজ্ঞানীজনৰ এটি সাক্ষাৎকাৰ যুগুতাই উলিওৱাৰ প্ৰয়াস কৰা হৈছিল৷ যদিও তেখেতৰ বিষয়ে সকলোৱে জানে বা প্ৰায়বোৰ মাধ্যমতে তেওঁৰ বিষয়ে সম্যক জ্ঞান উপলব্ধ, তথাপি আহকচোন, এই সফলতাৰ আঁৰৰ ব্যক্তিজনক একান্তভাৱে জানো৷ তেওঁৰ জীৱনৰ পাত লুটিয়াই তেওঁ নিজ মুখে ব্যক্ত কৰা কথাবোৰে নিশ্চয়কৈ আমাৰ পাঠকসকলক উপকৃত কৰিব৷
কথা-কাঞ্চন : পৃথিৱীৰ মানচিত্ৰত লক্ষীমপুৰ এখন অখ্যাত ঠাই৷ তথ্য-প্ৰযুক্তিয়ে আজিৰ পৃথিৱীখনক এখন গাঁৱলৈ ৰূপান্তৰিত কৰিলেও আপুনি উদ্ভাৱক ৰূপে আত্মপ্ৰকাশ কৰাৰ সময়ত এই প্ৰযুক্তি আজিৰ ৰূপত আমাৰ মাজলৈ অহা নাছিল৷ সেই সময়ত আপুনি এই পৰিস্থিতিৰ লগত সহাৱস্থান কৰি কেনেদৰে নিজকে আগুৱাই নিছিল? আপুনি ভাবেনে যে, আজিৰ সুবিধাসমূহ সেই সময়ত থকা হ’লে আপুনি অধিক লাভৱান হলহেঁতেন?
ড° উদ্ধৱ ভৰালী : এতিয়া নহয়৷ এতিয়া লক্ষীমপুৰ অখ্যাত নহয়৷ বহু দূৰ-দূৰণিৰ মানুহ এতিয়া মোৰ ওচৰলৈ আহে৷
নাভাবোঁ, বেছি সুবিধা পোৱা হ’লে হয়তো মই এলেহুৱা মানুহ এজনহে হলোহেঁতেন৷
কথা-কাঞ্চন : আপোনাৰ উদ্ভাৱনসমূহৰ এটি পৰিচয় কথা-কাঞ্চনৰ পাঠক সকললৈ আগৱঢ়াওকচোন৷
ড° উদ্ধৱ ভঁৰালী : আজিৰ তাৰিখলৈকে মই ১৬০ টা উদ্ভাৱন কৰিছোঁ৷ কৃষি উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়ী, বিশেষভাৱে সক্ষম লোক, বিশেষভাৱে সক্ষম শিশুৰ কাৰণে আৰু শেষতীয়াকৈ মই কণ-কণ ছাত্ৰ-ছাত্ৰী সকলৰ বিজ্ঞান আৰু অংকৰ ভয় আতৰোৱা ইত্যাদি প্ৰকল্পৰ কাৰণে কাম কৰি আছোঁ ৷ একেলগে মই কেইবাটাও assignment ৰ কাম আৰম্ভ কৰোঁ আৰু কাম কৰি থাকোঁ৷ মোৰ উদ্ভাৱনসমূহৰ ভিতৰত সুষম বিছনা (শাৰীৰিক ভাৱে অক্ষম তথা ৰোগগ্ৰস্ত বয়সস্থ বেমাৰীৰ কাৰণে), ডালিমৰ গুটি গুচোৱা, ভীমকলৰ ভিতৰৰ গুটি গুচোৱা, নাৰিকলৰ বাকলি গুচোৱা, হাত নথকা মানুহৰ বাবে খোৱা আৰু চাফা কৰা মেচিন ইত্যাদি উল্লেখযোগ্য৷
সবিশেষ ইণ্টাৰনেটত আছে, চাব পাৰিব৷
কথা-কাঞ্চন : ইতিমধ্যে আপোনাৰ উদ্ভাৱন সমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদাৰ লাভ কৰিছে আৰু ইয়াৰ বাবে আপুনি ভালেকেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ এই সন্মান আৰু স্বীকৃতিসমূহে আপোনাক কেনেদৰে প্ৰভাৱিত কৰিছে?
ড° উদ্ধৱ ভঁৰালী : ভাল লাগে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জয়ী হৈ মই কিমান গৌৰৱান্বিত হৈ আহোঁ, আপুনি জানেনে? এসময়ত য’ত মোৰ নিজৰ মানুহে, পৰিয়ালে, দেশে মোক স্বীকৃতি দিয়া নাছিল, তেনেক্ষেত্ৰত আজিৰ তাৰিখত যেতিয়া মই বিদেশত সন্মান লাভ কৰোঁ, মই বুকু ফিন্দাই ঘৰলৈ ঘূৰি আহোঁ৷ ডিচক’ভাৰী, বিবিচিৰ ‘ডকুমেণ্টৰীত’ যেতিয়া মোক সামৰি লোৱা হয়, মই প্ৰকৃতাৰ্থত স্বীকৃতি লাভ কৰোঁ মোৰ নিজৰ কামৰ৷ মই আচলতে কি কৰিছোঁ? মই বেছি একো কৰা নাই, এটাই মাত্ৰ কাম কৰিছোঁ, বিজ্ঞানক সাধাৰণ মানুহৰ ওচৰ চপাই লৈ গৈছোঁ৷
কথা-কাঞ্চন : সমাজৰ নিম্নস্তৰৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আপুনি যথেষ্ট চিন্তা-চৰ্চা কৰিছে৷ এই সম্পৰ্কে আমাৰ পাঠকসকলক অলপ জনাব নেকি?
ড° উদ্ধৱ ভঁৰালী : বহুতো কাম কৰিছোঁ তেওঁলোকৰ কাৰণে৷ দুখীয়া, বিশেষভাৱে সক্ষম প্ৰায় ৭২জন লোকৰ কাৰণে মই বিভিন্ন ধৰণৰ যন্ত্ৰ সাজি উলিয়াইছোঁ৷ কিছুমান video আৰু ফটো মই দিব পাৰোঁ, যদি আপুনি কথা-কাঞ্চনৰ পাঠকসকলক সেইবোৰ উপলব্ধ কৰাব বিচাৰে৷ You tube তো কিছুমান উপলব্ধ হৈ আছে, ইচ্ছুক সকলে চাব পাৰিব৷
কথা-কাঞ্চন : এখন কৃষিপ্ৰধান দেশ হিচাপে আমাৰ কৃষি উদ্যোগটোৰ উন্নয়নৰ বাবে আপুনি কেনে ধৰণৰ প্ৰকল্প হাতত লৈছে বা লৈ আহিছে?
ড° উদ্ধৱ ভঁৰালী : আমাৰ দেশখন কৃষি প্ৰধান দেশ হোৱাৰ কাৰণে মোলৈ বেছিভাগ assignment কৃষি খণ্ডৰ পৰা আহে৷ কৃষি উদ্যোগৰ লগত জড়িত মোৰ উদ্ভাৱনসমূহৰ ভিতৰত নাম ল’ব পাৰি ভীমকলৰ গুটি গুচোৱা মেচিন, ডালিমৰ গুটি গুচোৱা, কাজি নেমুৰ সংৰক্ষণৰ কাৰণে ইয়াৰ তিতা বাকলি অংশ এৰুৱাব পৰা মেচিন ইত্যাদি৷
কথা-কাঞ্চন : বৰ্তমান বৃহৎ উদ্যোগপতি সকলে সুকৌশলী অভিসন্ধিৰে সমগ্ৰ বজাৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ যত্ন কৰাৰ ফলত ক্ষুদ্ৰ উদ্যোগবোৰ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ এই ক্ষুদ্ৰ উদ্যোগসমূহক বিকশিত কৰিবৰ বাবে আপুনি কিবা প্ৰকল্প হাতত লৈছে নেকি?
ড° উদ্ধৱ ভঁৰালী : আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা সুধিলে, তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ৷ বহুত ব্যক্তিৰ বহুতো বেলেগ বেলেগ ধৰণৰ সমস্যা থাকে৷ এনে assignment ৰ সীমা-সংখ্যা নাই৷ উদাহৰণস্বৰূপে, ক’ব পাৰি যে, মহামাৰীকালৰ আৰম্ভণিতে যেতিয়া লকডাউন হৈ আছিল, সেইসময়ত আমাৰ অসমত চাউলৰ যিমানবিলাক traders আছিল, অসমৰ সিক্ত জলবায়ুত তেওঁলোকৰ চাউলসমূহৰ market value নাইকিয়া হৈ গ’ল৷ তেওঁলোকৰ সমস্যাটো ক’ত হৈছিল? তেওঁলোকৰ ধান খিনি dry কৰিব লাগিছিল৷ বাহিৰৰ humidity কম থকা ঠাইত এই সমস্যা নহয়৷ এতিয়া কোনে কৰিব সেই কামটো? ময়েই কৰিব লাগিব৷ অসমৰ পাহাৰীয়া অঞ্চলত পোৱা ৰঙা ইলাচিবিধ বিশ্বৰ বজাৰত বহু মূল্যৱান৷ কিন্তু ইয়াক বিশেষ এটা প্ৰক্ৰিয়াৰ মাজেদি dry কৰিব লাগিব, যিহেতু ৰঙা হৈ নাথাকিলে ইয়াৰ market value শূন্য৷ এনেধৰণৰ ৭৬ টা উদ্ভাৱন মই কৰিছোঁ যি ক্ষুদ্ৰ উদ্যোগবোৰক লাভান্বিত কৰিছে৷ শতমূলৰ বিষাক্ত অংশৰ পৃথকীকৰণ, কাজি নেমুৰ ওপৰৰ তিতা বাকলিটো আঁতৰাই ইয়াৰ বাণিজ্যিকীকৰণ, আমাৰ পৰিৱেশত উপলব্ধ সেউজীয়া কিছুমান পাতৰ সেউজীয়া ৰঙটো অক্ষুণ্ণ ৰাখি গুৰি কৰাৰ মেচিন ইত্যাদি মই উদ্ভাৱন কৰিছোঁ৷
এইবিলাকৰ কাৰণে বৃহৎ উদ্যোগসমূহৰ যথেষ্ট ক্ষতি হ’ব ধৰিছে৷ মোৰ শত্রুও বহুত বাঢ়িছে৷ তেওঁলোকে মোক বহুবাৰ কিনিবলৈও চেষ্টা কৰিছে৷
কথা-কাঞ্চন : আপোনাৰ গৱেষণা কাৰ্যত নিশ্চয়কৈ যথেষ্ট খৰচো হয়৷ এই খৰচ আপুনি কেনেদৰে মোকাবিলা কৰিছে? এই ক্ষেত্ৰত কিবা চৰকাৰী সাহায্য লাভ কৰিছে নেকি?
ড° উদ্ধৱ ভঁৰালী : নাই নাই৷ কোনো ধৰণৰ চৰকাৰী, বেচৰকাৰী সাহায্য একো পোৱা নাই কেতিয়াও৷ তথাপি মই মোৰ গৱেষণা চলাই নিছোঁ আৰু লগতে এখনি অনাথ আশ্ৰম আৰু এখন বৃদ্ধাশ্ৰম চলাই আছোঁ৷
কথা-কাঞ্চন : ছাৰ আপুনি ভাৰত চৰকাৰৰ ‘নতুন শিক্ষানীতিৰ’ সৈতে জড়িত হৈ আছে, এই সম্পৰ্কে কথা-কাঞ্চনৰ পাঠকসকলক জনাওকচোন৷
ড° উদ্ধৱ ভঁৰালী : হয়, মই তিনিখন কমিটিৰ সৈতে জড়িত৷ ইয়াতে হৈছে কি কথাটো যে, আমাৰ যিটো শিক্ষা ব্যৱস্থা, সেইটো চাকৰি এটা পোৱালৈকে ঠিকেই আছে৷ লৰা-ছোৱালীয়ে পঢ়ি-শুনি চাকৰি এটা পাব৷ কিন্তু চাকৰিটো নাপালে, সেই শিক্ষাখিনি ব্যৱহাৰ কৰি নিজৰ ভাতসাঁজ মোকলাবলৈ তেওঁলোক অপৰাগ৷ নতুন শিক্ষানীতিত এনেকুৱা এটা পলিচি লোৱা হৈছে যে ছাত্ৰছাত্ৰীক কৰ্মমুখী কৰা, vocational education ৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ কি হয়গৈ নাজানো! বহুতো পলিচি আগতেও সলনি হৈছে৷ আমি আশাবাদী৷ অভিভাৱকৰ সজাগতা লাগিব৷
কথা-কাঞ্চন : আপুনি ছেনিটাইজেশ্যনৰ গৱেষণামূলক কাৰ্যতো জড়িত হৈ আছে, এই সম্পৰ্কে আমাৰ পাঠকক কিছু আভাস দিয়কচোন৷
ড° উদ্ধৱ ভঁৰালী : হয় হয়৷ মই এতিয়া স্কুলবিলাকত পাঁচহাজাৰ টকাৰ ভিতৰত এটা sanitization chamber বনাবলৈ গৈ আছোঁ৷ এই ক্ষেত্ৰত যিবোৰ ব্যৱসায় চলি আছে সেইবোৰক মই ধ্বংস কৰিব লাগিব৷ Sanitization through vapourization technology টো মই ইতিমধ্যে সাজি উলিয়াইছোঁ৷
কথা-কাঞ্চন : ক’ৰনা মহামাৰী চলি থকা সময়ত বা ইয়াৰ পাছতো আমি সন্মুখীন হ’ব পৰা সমস্যাসমূহৰ ওপৰত আপুনি কেনেদৰে আলোকপাত কৰিব বিচাৰিব ছাৰ?
ড° উদ্ধৱ ভঁৰালী : আমাৰ মানুহে এতিয়া অভ্যাস কৰিবৰ হ’ল, দিনটোত দুসাঁজ খাবলৈ৷ এসাঁজ জিভাৰ জুটিৰ কাৰণে খাওক৷ আপোনাৰ অৰ্থনৈতিক অৱস্থাটো justify কৰি খাওক৷ তেতিয়াহে শৰীৰে immunity পাব৷ আমাৰ শৰীৰে কি বিচাৰে, কি লাগে, সেয়া আমাৰ বিচাৰ্য বিষয় হব লাগে৷
কথা-কাঞ্চন : ক’ৰনাকালৰ কেতিয়া অন্ত পৰিব বুলি ভাবিছে ছাৰ?
ড° উদ্ধৱ ভঁৰালী : হয়তো অক্টোবৰৰ শেষৰ ফালে আমি কিবা ভাল খবৰ পাম৷ যেতিয়া ভেকচিন আহিব, মহামাৰী ঠিক হ’ব৷
কথা-কাঞ্চন : শিশুসকলৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক উত্তৰণৰ বাবে আপুনি বিশেষভাৱে কিবা কাম কৰিছে নেকি?
ড° উদ্ধৱ ভঁৰালী : শিশু তথা কিশোৰসকলৰ মনত বিজ্ঞান আৰু অংকৰ ভয় আঁতৰাবলৈ মই এটা প্ৰকল্প হাতত লৈছোঁ৷ Differently able শিশুৰসকলৰ কাৰণে বহুতো কাম কৰা হৈছে৷ আপোনাৰ দেখি বেয়া লাগি যাব, দুখীয়া পৰিয়ালৰ বিকলাংগ শিশুসকলৰ অৱস্থা৷ তেওঁলোকেও বিচাৰে চলা-ফুৰা কৰিবলৈ, এটা সাধাৰণ জীৱন যাপন কৰিবলৈ৷ মই তেওঁলোকৰ কাৰণে কাম কৰি আহিছোঁ৷
কথা-কাঞ্চন : ছাৰ, বিষয়বস্তুৰ পৰা অলপ ফালৰি কাটি আপোনাৰ কিছু ব্যক্তিগত কথালৈ আহোঁ, আপোনাৰ পৰিয়াল আৰু ব্যক্তিগত ৰুচী-অভিৰুচীৰ বিষয়ে আমাৰ পাঠকক কিছু আভাস দিয়কচোন৷
ড° উদ্ধৱ ভঁৰালী : মোৰ এটা বৃহৎ পৰিয়াল আছে, এটি ল’ৰা সন্তান, পৰিবাৰ, মা, ভণ্টী, ভাইটি আছে৷ দাদা আৰু দেউতা ঢুকাইছে৷ এখন অনাথ আশ্ৰম আছে, তাতে কিছু অনাথ ছোৱালী আছে। এখন বৃদ্ধাশ্ৰমো আছে লগতে৷ সমগ্ৰ এই পৰিয়ালটি আৰু মোৰ কামৰ দায়িত্বৰ মাজতে থাকি যাওঁ৷
Physical fitness ৰ ওপৰত মই সদায় গুৰুত্ব দিওঁ৷ এটা সুস্থ শৰীৰৰ লগতে এটা সুস্থ মন সকলোৰে কাম্য হোৱা উচিত বুলি ভাবোঁ৷ মই প্ৰতিদিনে অধ্যয়ন কৰোঁ৷ এটা সময়ত কেইবাটাও কাম কৰি ভালপাওঁ, যেনেকৈ খোৱাৰ সময়ত শুনা কামবোৰ কৰোঁ৷
মই প্ৰায়বিলাক ইঞ্জিনীয়াৰিং কলেজৰে মেণ্টৰ প্ৰফেচৰ, প্ৰতিখন IIT ৰ Visiting Professor৷ শিক্ষা তথা গৱেষণাৰ লগত জড়িত ব্যক্তি হিচাপে কওঁ, শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে সদায় শেহতীয়া জ্ঞানসমূহ আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগে৷ এয়া সকলোৰে নৈতিক দায়িত্ব হোৱা উচিত৷
মই আন্ধাৰ ৰাতি বৰষুণ দিয়া ৰাজপথত অকলশৰে খোজ কাঢ়ি ভাল পাওঁ৷ যিবিলাক উদ্ভাৱনৰ ফৰমুলা আজিলৈকে ওলোৱা নাই, সেইবোৰ চিন্তা কৰোঁ তেতিয়া৷ খাদ্য খাওঁ, যিমানখিনি শৰীৰৰ বাবে প্ৰয়োজনীয়, সিমানখিনিহে৷
কথা-কাঞ্চন : ছাৰ, আপোনাৰ পিতৃ-মাতৃ আৰু শৈশৱ কালৰ বিষয়ে আমাক জনাওকচোন৷
ড° উদ্ধৱ ভঁৰালী : মোৰ মা শ্ৰী নবীনা ভঁৰালী আৰু দেউতা প্ৰয়াত ললিত চন্দ্ৰ ভঁৰালী৷ লক্ষীমপুৰ টাউনতে মোৰ জন্ম, তাৰ পাছতে অৰ্থনৈতিক তাগিদাত যোৰহাটলৈ যোৱা হৈছিল৷ তাত চাৰিবছৰ আছিলোঁ৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা যোৰহাটৰ চাৰিগাঁৱত থকা ‘কাঠনিকুৰী এল. পি. স্কুল’ৰ পৰা আৰম্ভ হৈছিল৷ চাৰিবছৰৰ পাছত লক্ষীমপুৰলৈ ঘূৰি আহিছিলোঁ৷ অৰ্থনৈতিক অৱস্থা আমাৰ খুব বেয়া আছিল। সেইকাৰণে যথেষ্ট struggle কৰিবলগীয়া হৈছিল৷
কথা-কাঞ্চন : শৈশৱ কালৰ এনে কিবা স্মৃতি আছেনে যি আজিও আপোনাক প্ৰভাৱিত কৰে? আপুনি যে ভৱিষ্যতে এজন উদ্ভাৱক হব, সেই কথা সৰুতেই ভাবিছিলনে?
ড° উদ্ধৱ ভঁৰালী : সচাঁ অৰ্থত কবলৈ হ’লে, খাদ্যৰ অভাৱ অনুভৱ কৰিছিলোঁ মোৰ শৈশৱ কালত, শৈশৱৰ দিনবোৰ জটিল আছিল মোৰ৷ পদে পদে লাঞ্ছিত হৈছিলোঁ৷ সেইকাৰণে আজি মই দুখীয়া মানুহবোৰ লঘোণে নাথাকিবলৈ ‘অন্নপূৰ্ণা’ আঁচনি চলাওঁ৷ বহুতো দুখীয়া মহিলাক পেঞ্চন দিওঁ৷ মই প্ৰায় ৬৯ হাজাৰ টকা মোৰ অনাথ আশ্ৰমলৈ আগবঢ়াওঁ৷ মোৰ এখন অনাথ আশ্ৰম আৰু এখন বৃদ্ধাশ্ৰাম আছে৷ দুয়োখন মোৰ ঘৰৰ লগতে আছে৷
শৈশৱতে কঠোৰ অৰ্থনৈতিক সংকটৰ মাজেদি মই পাৰ কৰিবলগীয়া হৈছিল ৷ দেউতাৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া আছিল, যৌথ পৰিয়াল আছিল৷ তেওঁ তেলৰ মিল আৰু ধানৰ মিল খুলিছিল৷ মই দেউতাৰ মিলত সৰুতেই কাম কৰিছিলোঁ৷ গতিকে, ইমান সৰুতেই যেতিয়া দায়িত্ব পোৱা যায়, দায়িত্ববোধ কি তাৰ সোৱাদ যদি পোৱা যায়, তেতিয়া নিশ্চয়কৈ জীৱনটো exceptionally গুচি যায় ন? পঢ়াত মই যথেষ্ট ভাল আছিলোঁ৷ তাৰোপৰি extra-curricular activities ত ভাল আছিলোঁ৷ তৃতীয় শ্ৰেণীত থাকোঁতেই মই All assam extempore speech ত প্ৰথম হৈছিলোঁ৷ মই best debator আছিলোঁ৷ best extempore speaker আছিলোঁ৷ ফুটবলো ভাল পাইছিলোঁ, ভাল খেলিছিলোঁও৷
কথা-কাঞ্চন : আপোনাৰ শৈক্ষিক জীৱনৰ বিষয়ে আমাৰ পাঠকক কিছু আভাস দিয়কচোন৷ আপোনাৰ আনুষ্ঠানিক শিক্ষাই আপোনাৰ উদ্ভাৱনত কিমান দূৰ বৰঙণি যোগাইছে?
ড° উদ্ধৱ ভঁৰালী : মই ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ আছিলোঁ, সেইবোৰ বহুত কাহিনী৷ বহুত সংঘাত গৈছে, মোৰ জীৱনত৷ যিমান দূৰ আনুষ্ঠানিক শিক্ষাৰ কথা আহে, চাওক, বিজ্ঞানী হোৱা by designation এটা বেলেগ কথা আৰু কিবা এটা নিজাকৈ আৱিষ্কাৰ কৰি বিজ্ঞানী হোৱা বেলেগ কথা৷ জীৱনত আচলতে কিবা এটা কৰাৰ চৰম ইচ্ছা লাগিব, dedication লাগিব, stemina ও লাগিব তাৰ কাৰণে৷ সাহসো থাকিব লাগিব এজন ব্যক্তিৰ৷ মই যেতিয়া উদ্ভাৱনৰ কথা কৈছিলোঁ, সেই সময়ত আজিৰ দৰে মানুহবোৰৰ এইবোৰ কথাৰ লগত পৰিচয়েই নাছিল৷ বৰঞ্চ ‘ই বিজ্ঞানী হব খুজিছে’ বুলি মানুহে ঠাট্টা-মস্কৰাহে কৰিছিলে৷ আজি যিদৰে মোৰ ফেন-ক্লাৱেৰে ভৰ্তি হৈ থাকে, সেই সময়ত মোৰ ওচৰত কোনো নাছিল, আনকি পৰিয়ালৰ মানুহকেইজনো নাছিল মোৰ লগত৷ কিন্তু আজি মই বিজেতা, ইতিহাস মোৰ হাতত৷ মই দেশখনৰ ভিতৰতে শীৰ্ষত আছোঁ উদ্ভাৱনৰ ক্ষেত্ৰত আৰু মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই, কিন্তু এসময়ত মই মোৰ নিজৰ দেশতে স্বীকৃতি নোপোৱাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই সফলো হৈছিলোঁ৷ মই doctor of science, তিনিবাৰ৷ বহুকেইখন নামজ্বলা বিশ্ববিদ্যালয়ৰ মই visiting professor।
কথা-কাঞ্চন : নতুন প্ৰজন্মলৈ আপোনাৰ পৰামৰ্শ আৰু বিশ্বাস?
ড° উদ্ধৱ ভঁৰালী : আমি কোৱা কথাবোৰৰ ১০০% নলৈ সেইবোৰ তেওঁলোকে analysis কৰক৷ অন্য এটা কথা তেওঁলোকে হৃদয়াংগম কৰক যে, কৃতকাৰ্যতাৰ কোনো short cut নাই৷ এইখন competitive world ত short cut য়ে জীৱনলৈ ধ্বংসহে মাতিব পাৰে, বিজয়ী গঢ়িব নোৱাৰে৷
কথা-কাঞ্চন : আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ ছাৰ৷ উদ্ভাৱনী কাৰ্যত আপুনি চিৰদিন ব্ৰতী হৈ আমাৰ দেশৰ লগতে সমগ্ৰ মানৱ-জাতিক উন্নয়নৰ দিশত আগুৱাই লৈ যাওক, এই আশাৰে আজিৰ আলোচনাৰ ইমানতে সামৰণি মাৰিছোঁ।
ড৹ উদ্ধৱ ভঁৰালী : ধন্যবাদ।
(কথা–কাঞ্চনৰ সৈতে আনুষ্ঠানিক বাৰ্তালাপ ইয়াতে সামৰণি পৰিছিল যদিও ছাৰৰ লগতে বিশ্বৰ বৰেণ্য বিজ্ঞানীসকলক উদ্দেশ্যি লিখা সামান্য কবিতাটো ছাৰক দেখুৱাবলৈ মন গ’ল। ছাৰে কবিতাটো পঢ়ি আশ্চৰ্যকণ্ঠেৰে সুধিলে, “তোমালোক কবিসকলে কবিতা কেনেকৈ লিখা বাৰু?”
নিজৰ মেধা আৰু প্ৰজ্ঞাক লৈ সামান্য অহংকাৰ নকৰা ছাৰৰ কথা শুনি মহান বিজ্ঞানী আইনষ্টাইনৰ এটা মন্তব্যলৈ মনত পৰি গ’ল। মেটামৰফ’ছিছৰ স্ৰষ্টা ফ্ৰেঞ্জ কাফকাক আইনষ্টাইনে কথা–প্ৰসংগত কৈছিল, “জীৱনটো ইমান সহজ নহয় বাৰু, কিন্তু তুমি লিখাৰ দৰে ইমান জটিলো নহয়।”)
যুগ-নিৰ্মাতা, ইতিহাস-গঢ়োতা অথচ সাধাৰণ জীৱনশৈলী ধাৰণ কৰা বৰেণ্য বিজ্ঞানীসকললৈ কথা-কাঞ্চনৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি লিখা কবিতাটো ইয়াত সংযোজন কৰা হ’ল।
চিপচিপীয়া বৰষুণত
ৰাজপথত খোজ কঢ়া মানুহজনে
অতীতৰ দুখৰ চোলাটোৰ কথা নাভাবে
সুখৰ সাজ পিন্ধিবলৈ সময়ৰ আহ্বান স্বত্বেও
তেওঁ নিৰ্বিকাৰ
এয়া তেওঁৰ পচন্দ
ৰাতিৰ আন্ধাৰত বৰষুণ সাৱটি
তেওঁ অৱগাহন কৰে সপোনৰ সাগৰত
কালিলৈ ওলাবলগীয়া পোহৰৰ নতুন বাটৰ
সৃষ্টিৰ পথাৰত তেওঁ শইচ বোটলে অগণন
আত্ম-গৌৰৱেৰে ওফন্দি উঠে তেওঁৰ সময়বোৰে
কথা পাতে ল’ৰালিৰ লঘোণীয়া পেটৰ কলমলনি
শাশ্বত সময়
আকাংক্ষিত বৰষুণ
নতুন চিন্তাৰ উদ্গীৰিত আশাত আগবাঢ়ে
তেওঁৰ খোজ
ইতিহাস তেওঁৰ হাতৰ মুঠিত
(সাক্ষাৎকাৰটি প্ৰস্তুত কৰিলে কথা-কাঞ্চনৰ সম্পাদক জিতা ফুকনে)