কোভিড-১৯ আৰু মানসিক চাপ

ডা: শিখা শৰ্মা

বৰ্তমান আমি সকলোৱে এটি জটিল পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিছো। যোৱা ডিচেম্বৰমাহত চীন দেশত আৰম্ভ হোৱা কোভিড ১৯ ৰোগটিয়ে সমগ্র বিশ্বতে এক অভাৱনীয়পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৃথিবীত এতিয়ালৈ চিনাক্ত হোৱা কোনো ভাইৰাছে এনেধৰণৰ জটিলতাৰ সৃষ্টি কৰা নাছিল। কোভিড ১৯ য়ে মানুহৰ শাৰীৰিক, মানসিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক আদি প্ৰতিটো স্তৰতে প্ৰভাৱ বিস্তাৰকৰিছে। আজিৰ এই আলোচনাটোত মানুহৰ মনৰ ওপৰত কোভিডৰ প্রভাৱ সম্পর্কে বৰ্ণনাকৰিবলৈ চেষ্টা কৰিম। 

কোভিড ১৯ ৰ সৈতে চিনাকি হোৱাৰআগলৈকে সাধাৰণ জনতাৰ মাজত লক ডাউন কোৱাৰেন্টাইন, আদি শব্দবোৰ অচিনাকি আছিল।এই ৰোগবিধ অহাৰ লগে লগে ই মানুহৰ মনলৈ ভয়, শংকা কঢ়িয়াই  আনে। সমাজৰ সকলোস্তৰৰ লোকে এক অনিশ্চয়তাত ভোগে। ফলত সকলোৱে মানসিক চাপত সময় পাৰ কৰিব  লগা হৈছে। কিহৰ বাবে এই মানসিক চাপ? আহকচোন অলপ ফঁহিয়াই চাও।

১)কোভিড ১৯ নামৰ এই অজানা অদৃশ্য ভাইৰাছে  মানুহৰ মনত ভয় আৰু শংকাৰ সৃষ্টিকৰে। কিয়নো  অতি সোনকালে ই সমগ্র বিশ্বতে বিয়পি পৰে। কিছুমানৰ দেহতসামান্য ক্ৰিয়া কৰিলেও আন কিছুমানৰ দেহত ই জটিলতাৰ সৃষ্টি কৰে যাৰ ফলত বহুলোকে মৃত্যু পর্যন্ত সাৱটি  ল’ব লগা হৈছে। আটাইতকৈ মৰ্মান্তিক দিশটো হ’লৰোগটো হোৱাৰ সময় ছোৱাত ৰোগীজন পৰিয়াল তথা সমাজৰ পৰা বিচ্ছিন্ন হ’ব  লগাহয়। ইয়ে  মানুহ এজনৰ মনলৈ হতাশা আনে। তদুপৰি ৰোগী এজনৰ মৃত্যু হ’লে তেওঁৰশেষ ক্ৰিয়া কৰ্মও বহু বাধা বিঘিনিৰ মাজেৰে সম্পন্ন কৰিব লগা হয়। ইয়ে  আত্মীয়ৰ মনত দুখ আৰু হতাশাৰ সৃষ্টি কৰে।

২) লক ডাউনেমানুহৰ অৰ্থনৈতিক দিশতো দুৰ্বল কৰি পেলাইছে। ব্যৱসায় বাণিজ্য তথা বেচৰকাৰীঅনুষ্ঠান সমূহ বন্ধ কৰি দিয়া বাবে মানুহৰ উপাৰ্জনৰ পথ বন্ধ হৈ গৈছে।তদুপৰি শিল্পী, কলা কুশলী সকলো কামৰ অভাৱত আৰ্থিক অনাটনত ভূগিব লগাহৈছে।কৰ্মসূত্ৰে বিদেশ তথা দেশৰ বিভিন্ন স্থানত থকা লোক বোৰ স্বগৃহলৈ ঘূৰিঅহা বাবে ৰাজ্য বোৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। কৰ্মহীনতাই  এচাম লোকৰমাজলৈ বিশেষকৈ যুৱচামৰ মাজত হতাশাৰ সৃষ্টি কৰিছে। 

৩)কোভিড ১৯ ৰ যুদ্ধত় সমুখ  সমৰত থকা লোকসকল আজি ভাগৰি পৰিছে। যোৱা ছয় -সাতমাহে তেওঁ লোকে কৰ্তব্য পালনৰ বাবে নিজৰ ঘৰ তথা আত্মীয়ৰ পৰা দূৰত থাকিবলগা হৈছে। ইয়াৰ মাজতে নিজৰ সহকৰ্মীৰ মৃত্যুও প্রত্যক্ষ কৰিব লগা হৈছে। এইসকলো বোৰে আজি তেওঁলোকৰ মনত হতাশাৰ সৃষ্টি কৰিছে। অদৃশ্য শত্ৰুৰ বিপক্ষেযুঁজি মানসিক শক্তি তথা উদ্যম হেৰুৱাই পেলাইছে। 

৪)লকডাউনৰ বাবে স্কুল কলেজ সমূহ বন্ধ হোৱাৰ ফলত শিক্ষা জগত খনত এক অনিশ্চয়তাৰসৃষ্টি হৈছে। ইয়াৰ ফলত ছাত্র ছাত্রী সকল ক্ষতিগ্রস্ত হৈছে আৰু ইয়াৰ  প্ৰভাৱ পৰিছে ল’ৰা- ছোৱালী তথা পিতৃ – মাতৃৰ ওপৰত। 

গতিকে দেখা যায় কম বেছি পৰিমাণে সমাজৰ প্ৰতিজন লোকেই হতাশাৰ কবলত পৰিছে।

৫)তদুপৰিবহু সামাজিক মাধ্যম, দূৰদৰ্শন আদিত কৰোনা বা কোভিড ১৯ ৰ বিষয়ে কিছুমানভিত্তিহীন বাতৰি প্ৰচাৰ কৰিও মানুহক ভীতিগ্ৰস্ত কৰি তুলিছে। 

আৰু যেতিয়াই এজন ব্যক্তিয়ে সদায়ে ভয় , শংকা আৰু অনিশ্চয়তাত ভোগে তেতিয়াই তেওঁ হতাশাত  ভূগিবলৈ ধৰে।

এনে হতাশা বা মানসিক চাপত ভোগা মানুহবোৰৰ  গাত কিছুমান লক্ষণে দেখা দিয়ে। যেনে…. 

১) . মনত ভয় শংকা থকা

২) টোপনি কম হোৱা

৩) কামত মন বহুৱাব নোৱাৰা

৪) অলপ কথাতে খং উঠা

৫) অকলশৰে থাকি ভাল পোৱা

৬) সোনকালে ভাগৰ লগা

৭) কেতিয়াবা খাবলৈ মন নোযোৱা, গাৰ বিষ, মূৰৰ বিষ আদিত ভোগা ইত্যাদি। 

এনেকুৱা ধৰণৰ লক্ষণ দেখা দিলে পৰিয়ালে সেই ব্যক্তি জনৰ প্ৰতি অধিক মনোযোগ দিয়া দৰকাৰ। ব্যক্তি জনেও কিছুমান নিয়ম মানি চলা দৰকাৰ।

আহকচোন কোভিড ১৯ ৰ ফলত হোৱা মানসিক চাপৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰো  তাৰ বিষয়ে আলোচনা কৰো। 

বিশ্ব স্বাস্থ্য সংস্থাই কোভিড ১৯ৰ পৰা হ’ব পৰা মানসিক চাপৰ পৰা ৰক্ষা পাবলৈ কিছুমান উপায় আগবঢ়াইছে। 

১)  যিহেতু কোভিড ১৯ এবিধ নতুন  ৰোগ আৰু ইয়াৰ সংক্ৰমণ ক্ষমতা বহুত বেছি গতিকেইয়াৰ প্ৰতি ভয় জন্মাটো  স্বাভাবিক। সেয়েহে কেতিয়াও নিজকে অকলশৰীয়াকৰিব নালাগে। পৰিয়ালৰ লগত বা প্ৰিয় বন্ধুৰ সৈতে  প্ৰত্যক্ষ বা পৰোক্ষভাবে হ’লেও নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব লাগে। 

২)ঘৰৰভিতৰত সাৱধান হৈ থাকিলে কোভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, উপযুক্ত টোপনি, যোগাভ্যাস আদিৰে নিজৰ শৰীৰৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বঢ়োৱা উচিত। 

৩)যিবোৰ খবৰে মনত ভয়ৰ ভাব উদ্ৰেক কৰে তেনেকুৱা খবৰ পঢ়া শুনা বা চোৱাৰ পৰা বিৰত থাকিব লাগে। 

৪.)নিজেআগতে কৰি ভাল পোৱা কিন্তু সময়ৰ অভাৱত কৰিব নোৱাৰা কামবোৰ পুনৰ কৰিব লাগে।ইয়ে  মনৰ পৰা ভয় ভাব দূৰ কৰাৰ লগতে মনলৈ প্ৰশান্তি আনে। গান গোৱা ,সাহিত্য চৰ্চা কৰা  , কিতাপ পঢ়া, ফল- ফুলৰ বাগানত মনোনিবেশ কৰা আদি কামেমানসিক শান্তি প্ৰদান কৰে। 

এই বোৰৰ উপৰিও কিছু সময়  প্ৰকৃতিৰ সৈতে কটালে মনত শান্তি পোৱা যায়। 

৫) কোভিড ১৯ যুদ্ধৰ সমুখ সমৰত থকা লোকসকলে নিজৰ শৰীৰক পাৰ্যমানে সুৰক্ষিত কৰি ৰখা দৰকাৰ। কৰ্তব্যৰ বাহিৰৰ 

সময়খিনিতউপযুক্ত জিৰণি লোৱা উচিত তথা পৰিয়ালৰ লোক তথা বন্ধু বান্ধৱৰ সৈতেবাৰ্তালাপ কৰা , ভাল কিতাপ পঢ়া,মনে ভাল পোৱা কাম কিছুমান কৰা দৰকাৰ। 

৬) বাণিজ্য ব্যৱসায়ত ক্ষতিগ্রস্ত হোৱা লোকসকলে তেওঁলোকৰ মনৰ হতাশা কমাবৰ বাবে বিকল্প ব্যবস্থা গ্রহণ কৰা প্ৰয়োজন। 

৭)স্কুলকলেজৰ ল’ৰা- ছোৱালী সকলে অনলাইনৰ যোগেদি শিক্ষা গ্রহণৰ উপৰি আজৰিসময়খিনিত পিতৃ – মাতৃৰ পৰা নজনা কথা কিছু শিকি নিজকে ব্যস্ত ৰাখিব পাৰে। 

৮) যি কোনো ধৰণৰ নিচা কাৰক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিব লাগে। 

কোভিড১৯ ৰ পৰা বিশ্ববাসীক ৰক্ষা কৰিবলৈ প্ৰত্যেক দেশেই ইয়াৰ প্ৰতিষেধক  উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু প্ৰতিষেধক উপলব্ধ নোহোৱা পৰ্যন্ত  আমি আমাৰদেহৰ প্ৰতিৰোধ ক্ষমতাৰ দ্বাৰাই আমি এই ৰোগৰ বিৰুদ্ধে যুঁজ দিব লাগিব। এইপ্ৰতিৰোধ ক্ষমতা শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক হ’ব পাৰে; আৰু মানসিক চাপকমাবৰ  বাবে মানসিক আৰু আধ্যাত্মিক প্ৰতিৰোধ ক্ষমতা থকাটো গুৰুত্বপূৰ্ণ।যোগাসন,ধ্যান আদিৰ দ্বাৰা এইবোৰ লাভ কৰিব পাৰি।  মানসিক চাপ বা হতাশাজনিত মানসিক ৰোগৰ বাবে কিছুমান বিশেষ যোগাসন তথা প্ৰাণায়াম আছে, যিবোৰৰনিয়মিত অভ্যাসে মন চিন্তামুক্ত কৰিব পাৰে। 

কোভিড ১৯এই বিশ্বৰ পৰা কেতিয়া বিদায় লয় সেইয়া সময়েহে  ক’ব। সেয়েহে আমি ভয়শংকাহীন মন এটি লৈ নিজকে সম্পূর্ণভাবে সুৰক্ষিত কৰি আমাৰ মানসিক তথাশাৰীৰিক শক্তিক সবল কৰি ইয়াক প্ৰতিহত কৰাৰ বাহিৰে বৰ্তমান পৰিস্থিতিতবিকল্প নাই। 

আহক আমি সকলোৱে নিৰাপদ দূৰত্ব বজাই ৰাখি,মুখাবৰণ ব্যৱহাৰ কৰি পৰিস্কাৰ- পৰিচ্ছন্ন হৈ যোগাত্মক দৃষ্টিৰে আমাৰ জীৱনটোআগুৱাই নিও আৰু আনকো তেনেদৰে জীৱন উদযাপন কৰিবলৈ  উৎসাহ যোগাও।

                                                                                                                                          [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *