স্নায়বিকদুৰ্বলতা হ্রাসত খাদ্যৰ ভূমিকা

Dt দ্বীপশিখা দেৱচৌধুৰী (Dietician)

পৌষ্টিক আহাৰে আমাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে। প্ৰটিন(Protein),কাৰ্বহাইড্ৰেট(Carbohydrate), তেল(Fat), ভিটামিন(Vitamin) আৰু মিনাৰেল (Mineral) আদি থকা খাদ্যকে পৌষ্টিক আহাৰ বুলি কোৱা হয়।আমি প্ৰতিটো খাদ্য গ্ৰুপৰ পৰা দেহৰ ওজন আৰু উচ্চতা অনুসৰিএজন অভিজ্ঞ খাদ্যনিৰ্বাচনবিদ (Dietician) ৰ সহায়ত এখন খাদ্য তালিকা প্ৰস্তুত কৰি উলিয়াব পাৰো, যাৰ সহায়ত আমি নিৰোগী আৰু সুস্বাস্থ্যবান হৈ এটি  আনন্দময়ী জীৱন লাভ কৰিব পাৰো।

   স্নায়ুৱে আমাৰ মগজুৰ পৰা বাৰ্তাসমূহ (Information)দেহৰ বিভিন্ন অংগলৈ কঢ়িয়াই লৈ যায়। সেয়েহে স্নায়ু দুৰ্বল হ’লে দেহত বিভিন্ন লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।আমি বহুতেই কৈ থাকো “মোৰ হাত দুখন অথবা ভৰি দুখন জিনজিনাইছে”, এয়াও এক স্নায়ু দুৰ্বলতাৰ লক্ষণ।তাৰোপৰি চকুৰ দুৰ্বলতা, সোনকালে কথা পাহৰি যোৱা,কথা কোৱাত অসুবিধা, হঠাতে তীব্ৰ মূৰৰ বিষ আদিৰ কাৰণো স্নায়ুৰ দুৰ্বলতা হব পাৰে।

আমি যদি কিছুমান খাদ্য আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰো তেন্তে স্নায়ুৰ দুৰ্বলতা বহুপৰিমাণে  হ্ৰাস কৰিব পাৰো ।  যেনে- ভিটামিন B12,ভিটামিন C, ভিটামিন E আৰু ভিটামিন D আদি।এই ভিটামিনসমূহ আমি অতি সহজে আমাৰ ঘৰতে থকা খাদ্য সামগ্ৰীৰ পৰাই পাব পাৰো। যেনে-গাখীৰ(milk),দৈ(Curd),মাখন(Butter),সাগৰীয় মাছ(Sea fish), মাংস(Meat)যিকোনো বাদাম(Nuts),নেমুটেঙা(Lemon),কমলা টেঙা(Orange)স্ট্রেবেৰী(Strawberries),ডালিম(Pomegranate) ইত্যাদি।

      সাধাৰণতে মহিলাসকলে গাখীৰ অথবা গাখীৰৰ পৰা তৈয়াৰী খাদ্য(milk and milk products) তথা ফলমূল(Fruits)  খুব কম পৰিমাণে খোৱা দেখা যায় , যাৰ কাৰণে স্নায়বিক দুৰ্বলতাৰ বলি হ’ব পাৰে।সেইবাবে খাদ্য তালিকা এখন প্ৰস্তুত কৰি ল’লে সঠিক পৰিমাণত  স্বাস্থ্য উপযোগী খাদ্য নিয়মিত ভাৱে গ্ৰহণ কৰাটো সহজ হৈ পৰে। যাৰ ফলত শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

স্নায়ুৰ বাবে অপকাৰী খাদ্যৰ ভিতৰত :

চেনী(sugar),ময়দা(refined flour),বজাৰত কিনিবলৈ পোৱা শীতল পানীয়(cold drinks),ছদাজাতীয় শীতল পানীয়, বেকাৰী ব্ৰেড(bread),বিচকুইত(bisquit) আৰু অন্যান্য, বেছি মাৰকাৰী(mercurry) থকা মাছ,মদ(Alcohol),চাহ(tea) ,কফি(coffee),processed ফুড ইত্যাদি।

স্নায়ুৰ কাৰণে উপকাৰী খাদ্যৰ ভিতৰত:

ডালিম(pomegranate), ষ্ট্ৰবেৰী(straw berry, সকলো প্ৰকাৰৰ বাদাম(Nuts), সাগৰীয় মাছ(sea fish)দৈ(curd),মাংস(meat),নেমুটেঙা(lemon), কমলা টেঙা(orange)কল(banana),ব্ৰাহ্মী(brahmi), ঘি(ghee),নাৰিকল(coconut) ইত্যাদি।

এইদৰে আমি  অতি সহজতে ঘৰুৱাভাৱে স্নায়ু সবল আৰু কাৰ্যক্ষম কৰি ৰাখিব পাৰো।

[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *