আস্থালিনে ৱমেন হৰলিক্সক ক’লে-
: বাইদেৱে ফোনত কথা পাতি থকা শুনিছিলোঁ, আলহী আহিব বোলে!
:অ’ হয় নেকি? তেন্তে আমাৰ স্থান সলনি হ’ব কেইদিনমানৰ বাবে! – ৱমেন হৰলিক্সে ক’লে ৷
বিটাডিন, ফলিক এচিড , কেষ্টৰ অইল, নাৰিকল তেল আৰু তিল তেলে খিক্খিক্ কৈ হাঁহি উঠিল!
:আমাৰ বাইদেৱো যে আৰু! এই ডাইনিং টেবুলখনতে আমাক দিনে-ৰাতিয়ে বহুৱাই থ’ব আৰু আমিনো ইমান এলাগী নে আলহী অহাৰ লগে লগে ভিতৰৰ কোঠালৈ গতিয়াই মতিয়াই লৈ যাব!!- বিটাডিনে হুমুনিয়াহ কাঢ়ি ক’লে৷
:এলাগী বুলি নাভাবে অ’, আলহীক খাবলৈ দিব লাগিব নহয় ডাইনিং টেবুলত! আমাৰ কেইটাক দেখিলে লাজেই পাই বা! সেইকাৰণেহে ভিতৰলৈ লৈ যায়৷ – কেষ্টৰ অইলে ক’লে৷
: থ থ আমাক দেখিলে যে আলহীয়ে লাজ নাপায় আৰু! আমি কেইটা আঁতৰি দিলে ডাইনিং টেবুলখন চাফা হৈ পৰে, আলহীয়েও দেখি ভাল পায়, সেইটোহে কাৰণ ৷- তিল তেলে ক’লে৷
হ’ঠাতে হুৰমুৰকৈ বাইদেউ সোমাই আহিল৷ ৰীণাক কৈ উঠিল –“ৰীণা, সেউতী পেহীহঁত পাঁচবজাতে পাবহি..ঘৰটো বিশৃংখল হৈ থকা দেখিলে কি যে ভাবিব! এই ডাইনিংটেবুলৰ বস্তুকেইটা আমাৰ শোৱা কোঠালৈ লৈ যা!”- এইবুলি কৈয়েই বাইদেৱে নিজেই কেষ্টৰ অইল, নাৰিকল তেল আৰু তিল তেলৰ বটল তিনিটাক জপটিয়াই শোৱা কোঠালৈ লৈ গ’ল আৰু সৰু টেবুল এখনত থ’লেহি৷
:ৰক্ষা!যেনেকৈহে ধৰি আনিলে,মোৰ উশাহটো বন্ধ হৈ যাওঁ যাওঁ কৰিছিল! পিছে আমাক বিটাডিনহঁতৰ লগত নাৰাখিব নেকি একেলগে? – তিল তেলে ক’লে ৷
হঠাতে শব্দ এটা কৰি বিটাডিন, আস্থালিনহঁত তিলতেলহঁতৰ কাষ পালেহি৷ তেতিয়াহে তিনিওটাৰে মনটো ভাল লাগি গ’ল৷
: তোমালোকক মোৰ কাষত দেখি বৰ ভাল লাগিছে৷ বাইদেৱে সদায় মোক ইয়াতে ৰাখে, সেইকাৰণে তোমালোকক লগেই নাপাওঁ নহয়!! – টেবুলৰ এচুকত পৰি থকা এচিলকে হাঁহি মাৰি কৈ উঠিল৷
: ভালেই হ’ব দিয়া, আমি এইকেইদিন ইয়াতে কথা পাতি আনন্দ কৰি থাকিব পাৰিম৷-ফলিক এচিডে কৈ উঠিল৷
: আই ঔ কটা, মোৰ ওপৰতনো ইমান ভাৰী জেকেটটো পেলাই দিব লাগেনে? – হঠাতে ছাৰ্ট এটাই চিঞৰি উঠিল৷
বিটাডিনহঁতে সিহঁতৰ কাষত থকা চকীখনলৈ চালে৷ চকীখনৰ ওপৰত কাপোৰৰ স্তুপীকৃত পাহাৰ, তাৰ ওপৰতে বাইদেৱে এইমাত্ৰ জেকেট এটা পেলাই থৈ গ’ল৷
: অঁ তহঁতো আজি ইয়ালৈ আহিলি নেকি? আলহী আহিব যেতিয়া মোৰ আকৌ তালৈ যাবৰ সময় হ’ল নহয়! মই ডাইনিং টেবুলৰ লগত থকা চকীহে! কাপোৰ থ’বলৈ বাইদেৱে মোক ইয়ালৈ আনি থৈছে৷ ইয়াত বাইদেউৰ তিনিযোৰমান চুৰিডাৰ, দুটা চুৱেটাৰ, তিনিযোৰ মোজা,চাৰৰ পাঁচটা ছাৰ্ট-ইমানসোপা ভাৰ বহন কৰি থকাৰ পিছতো দয়া-মমতাহীন বাইদেৱে এইমাত্ৰ জেকেট এটা পেলাই দিছে! চাছোন! বগা ছাৰ্টটোৱে দুখ পাই চিঞৰেই মাৰি দিলে, তথাপি বাইদেৱে নুশুনে৷ এদিনতো ভৰ সহিব নোৱাৰি মই ধাম্কৈ পৰিয়েই গ’লোঁ তথাপি বাইদেউৰ মোলৈ মৰম নাই৷ ধৰ্ণা দিব লাগিব যেন পাইছোঁ৷ নিমাখিত যেন লাগিলে সকলোৱে চল পায় বুজিছ ৷ প্ৰতিবাদ কৰিব লাগিব৷ – চকীয়ে নিজৰ দুখৰ কাহিনী কেষ্টৰ অইলহঁতক শুনালে৷
হঠাতে কোঠালৈ ৰীনা সোমাই আহিল৷ চকীখনত থকা গোটেই কাপোৰসোপা উঠাই আলমীৰা এটাৰ ভিতৰত ভৰাই দিলে৷ মুহূৰ্ততে চকীখন খালী হৈ পৰিল৷ এই দৃশ্য দেখি বিটাডিনহঁতে হা:হা: কৈ হাঁহি উঠিল৷
: ৰীণাই তোমাৰ দুখৰ কাহিনী শুনি তৎক্ষণাৎ মুক্ত কৰি দিলে, দেখিলা ? – আস্থালিনে কৈ উঠিল
: উহ ৰক্ষা! ছমাহৰ পিছত মোক মুক্তি দিছে, নকবা আৰু! – চকীয়ে দুখেৰে কৈ উঠিল৷
ৰীণাই হঠাতে চকীখন ডাঙি ল’লে৷
: বাই,বাই..মই যাওঁ দেই – চকীয়ে আস্থালিনহঁতক কৈ উঠিল ৷
আস্থালিনহঁতেও প্ৰতি বাই বাই দিলে চকীক৷
: মই থাকিব লাগিছিল পাকঘৰত, আনিছে ইয়াত চাছোন৷- ৱমেন হৰলিক্সে কৈ উঠিল ৷
: মইও পাকঘৰত থাকিব লাগিছিল – মৌৰ বটলে হাঁহি কৈ উঠিল৷
: কিয় আমাৰ লগত থাকি বেয়া লাগে নেকি? চেনী, নিমখহঁতৰ লগত থাকি বেছি ভাল পোৱা চাগৈ নহয়! – এচিলকে কৈ উঠিল৷
: নহয়, বাইদেউৰ কাৰুকাৰ্যবোৰৰ কথাহে কৈছো৷ তোমালোকৰ লগত থাকি কিয় বেয়া পাম বাৰু? – ৱমেন হৰলিক্সে কৈ উঠিল৷
: বাৰু, আমাৰ নতুন সদস্য সকলক চিনাকি কৰি দিওঁ, এইয়া হিমালয়া পাউদাৰ! এচিলকে কৈ উঠিল৷
: হাঁই – হিমালয়া পাউডাৰে কৈ উঠিল৷
: হেল্ল’ মই ডি অ টেল্ক ৱাইল্ড ষ্টন, চাৰৰ ফেভাৰেট ৷
: হাঁই – আস্থালিনহঁতে কৈ উঠিল৷
: হেল্ল’, মই লেকমি সেন্দুৰ, বাইদেউৰ কপালত জিলিকি থাকোঁ৷
: হাঁই – আস্থালিনহঁতে পুনৰ কৈ উঠিল৷
: হেল্ল’,মই ফনী – ফনীয়ে হাঁহি ক’লে৷
: হাঁই- আস্থালিনহঁতে কৈ উঠিল৷
হঠাতে বাইদেৱে বৰলিনক আস্থালিনহঁতৰ কাষত থৈ গ’লহি৷
: অ’ বৰলিন,ক’তনো আছিলা তুমি? ভালেই হ’ল তোমাক লগ পালোঁ – আস্থালিনহঁতে বৰলিনক দেখি কৈ উঠিল৷
:মই শুনিছোঁ, আলহি তিনিদিনমান থাকিব৷ আমি ইয়াত সাংস্কৃতিক অনুষ্ঠান আদি পাতি নাচি বাগি থাকিব পাৰিম বুজিছা৷
:এৰা,বৰ ভাল লাগিব – সকলোৱে সমস্বৰে কৈ উঠিল৷
হঠাতে কেৰমেৰকৈ শব্দ কৰি আলমীৰাৰ দুৱাৰখন নিজে নিজে খোল খাই গ’ল আৰু ৰীণাই ভৰাই থোৱা কাপোৰখিনি আহি মজিয়াত ধৰ্মৰা্ই পৰিলহি!
: অঁ, তহঁত পৰিলি যে! দুখ পালি নেকি? –আস্থালিনহঁতে কৈ উঠিল
: তহঁতে সাংস্কৃতিক অনুষ্ঠান পাতিবি বুলি শুনি আমি থাকিবই নোৱাৰা হ’লোঁ, সেয়ে গাটো লৰচৰ কৰোঁতেই আমাৰ এই দশা হ’ল৷ এতিয়া বাইদেউলৈ অপেক্ষা কৰিব লাগিব৷
কাপোৰৰ মাজৰপৰা বগাছাৰ্টে কৈ উঠিল৷ তাৰ কথা শুনি সকলোৱে সমস্বৰে হাঁহিলে৷
****